NORTHEAST NOW (Assamese)

জ্যেষ্ঠ অধিবক্তা, অভিনেতা দিলীপ কুমাৰ হাজৰিকাৰ দেহাৱসান

September 15, 2023 11:46 am · এন ই নাও নিউজ, গুৱাহাটী

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা, লেখক, অভিনেতা দিলীপ কুমাৰ হাজৰিকাৰ বৃহস্পতিবাৰে সন্ধিয়া গুৱাহাটীত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ।

গুণমুগ্ধৰ মাজত দিকুহা নামেৰে জনপ্ৰিয় হাজৰিকাৰ মহানগৰীৰ উজানবজাৰস্থিত নিজ বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ নিজ পুত্ৰ আৰু কন্যাক এৰি থৈ যায়।

উল্লেখ্য যে, মণিৰাম দেৱানকে ধৰি কেইবাখনো অসমীয়া ছবিত অভিনয় কৰিছিল দিলীপ কুমাৰ হাজৰিকাই। সৰ্বেশ্বৰ চক্ৰৱৰ্তী পৰিচালিত ছবিখনত তেওঁ পিয়লি বৰুৱাৰ চৰিত্ৰত অভিনয় কৰিছিল।

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত শৰৎ সিংহৰ মূল্যবোধৰ ৰাজনীতিৰ প্ৰতি আকৃষ্ট হৈ তেওঁ এন চি পিত যোগদান কৰিছিল। ৰাজ্যৰ বিভিন্ন গণতান্ত্ৰিক আন্দোলনৰ সৈতেও জড়িত আছিল দিলীপ কুমাৰ হাজৰিকা।

নব্বৈৰ দশকত তেখেতে আজি, নতুন সময়, আমাৰ প্ৰতিনিধি, অসমীয়া প্ৰতিদিন আদি কেইবাখনো অসমীয়া দৈনিক কাকত আৰু আলোচনীত চিনেমা, সংস্কৃতি, ৰাজনীতি বিষয়ক প্ৰবন্ধ লিখিছিল।

Related News