NORTHEAST NOW (Assamese)

লকডাউনৰ সময়ত পৰিয়াল সহ আৰ্তজনৰ কাষত এগৰাকী জ্যেষ্ঠ নাগৰিক

April 20, 2020 7:12 am · নীলমনি শর্মা
ফটো: নৰ্থইষ্ট নাও

কৰ’নাক প্ৰতিহত কৰাৰ স্বাৰ্থত দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে আহ্বান দিয়া লকডাউনৰ সময়ত আৰ্তজনৰ কাষত সহায়ৰ বাবে আগবাঢ়ি আহিছে সমাজৰ বহুজনে ৷

শেহতীয়াকৈ গোৱালপাৰা জিলাৰ বলবলাৰ কোকিৰা গাঁৱৰ শতাধিক পৰিয়ালক সহায়ৰ বাবে আগবাঢ়ি আহিছে গাৱঁখনৰে এগৰাকী জ্যেষ্ঠ নাগৰিক মহেন ৰায়ে৷

উল্লেখ্য যে দীৰ্ঘ দিনীযা লকডাউনৰ ফলত দিন হাজিৰা কৰি খোৱা একাংশ লোকে ভীষণ সমস্যাৰ সন্মুখীন হৈছে এসাঁজ ভাতৰ বাবে ৷ গাৱঁৰ এই লোক সকলক কিছু সহায় কৰাৰ বাবে দেওবাৰে বিয়লি মহেন ৰায়ে পৰিয়ালৰ সৈতে নিজ ঘৰতে আৰ্তজনৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী ৷

নিজৰ ঘৰৰ ভঁৰালৰ পৰা ধান বান্ধি কোকিৰা গাঁৱৰ প্ৰায় ১০০ টা পৰিয়ালৰ মাজত  চাউলৰ লগতে দাইল,তেল,চেনি বিস্কুট আদিকে ধৰি বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰে ৷

সাহায্য প্ৰদান কৰাৰ সমান্তৰালভাৱে মহেন ৰায়ে গাৱঁখনৰ ৰাইজক কৰ’না প্ৰতিৰোধৰ বাবে চৰকাৰে দিয়া নীতি-নিয়ম সমূহ মানি চলি চৰকাৰ আৰু প্ৰশাসনক সহায় কৰিবলৈ আহ্বান জনায় ৷

সাহায্য বিতৰণত পৰিয়ালৰ সতে মহেন ৰায়ক সহায় কৰে তেওঁৰে উদীয়মান কন্যা শিল্পী চিমি ৰায়ে ৷

আগন্তুক দিনসমূহত মহেন ৰায়ে কন্যা শিল্পী চিমি ৰায়ৰ সতে লকডাউনৰ মাজত অসুবিধাৰ মাজৰে দিন অতিবাহিত কৰা অঞ্চলটোৰ আন একাংশ লোকক সহায়ৰো এক বিশেষ পৰিকল্পনা কৰিছে। পৰিয়ালৰ এনে পদক্ষেপক অঞ্চলটোৰ সকলোৱে আদৰণি জনাইছে ৷

Related News