NORTHEAST NOW (Assamese)

কোনো বহি থকা নাই : বিধেয়কৰ বিৰুদ্ধে এইবাৰ জ্যেষ্ঠ নাগৰিকৰ প্ৰতিবাদ

January 31, 2019 6:00 pm · ৰাজীৱ দত্ত
শিৱসাগৰৰ চাৰিঙত জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে জ্যেষ্ঠ নাগৰিকৰ প্ৰতিবাদী সমদল। ফটো : নৰ্থইষ্ট নাও

নাগৰিকত্ব সংশোধনী বিধেয়কৰ -২০১৬ ৰ দাবীত বৃহস্পতিবাৰে দুপৰীয়া শিৱসাগৰ জিলাৰ  চাৰিঙত জ্যেষ্ঠ নাগৰিক মঞ্চৰ উদ্যোগত চাৰিংবাসীৰ সহযোগত এটি প্ৰতিবাদী সমদল  উলিওৱা হয় ৷

বহু কেইগৰাকী  অশীতিপৰ ব্যক্তিয়ে অংশ গ্ৰহণ কৰা প্ৰতিবাদী সমদলকাৰীসকলে “অসম চৰকাৰ হায় হায়”, ‘’নাগৰিকত্ব সংশোধনী বিধেক বাতিল কৰক’’, ‘’অসমৰ ভাষা, সংস্কৃতি ৰক্ষা কৰক’’ আদি শ্ল’গানেৰে চাৰিঙৰ ৰাজপথ উত্তাল কৰি তোলে।

প্ৰতিবাদ স্থলীত যুৱ সমাজকৰ্মী, শিক্ষক শ্ৰীমন্ত দত্তই জাতিৰ এই সংকট মূহূৰ্তত ৰাজ্যৰ মুখ্য মন্ত্ৰীজনৰ নিৰৱ ভূমিকাক সমালোচনা কৰি কয় যে গাদীৰ স্বাৰ্থত দুমুখীয়া চৰিত্ৰ গ্ৰহণ কৰাৰ বাবেই এসময়ৰ জাতীয় নায়কজন আজি খলনায়কলৈ ৰূপান্তৰিত হৈছে ৷ অসমীয়া জাতিৰ স্বাৰ্থত খিলঞ্জীয়াৰ কাষত থিয় দিয়া হলে তেওঁ মহানায়ক হ’লহেতেন ৷

আনহাতে, চাৰিং শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তুৱাৰাম খনিকৰে মাউখে উটিলে গুৰি পৰুৱাৰ মৰণ নাই বুলি উল্লেখ কৰি অসমৰ এই বীভৎস কাণ্ডটোৰ বিৰুদ্ধে অসমৰ ৰাইজ একে গতিৰে একেমুখে মাৰবান্ধি প্ৰতিবাদ কৰা উচিত বুলি মন্তব্য কৰে৷

তদুপৰি তেওঁ কয় যে অসম ৰাজ্যিক কৰ্মচাৰী পৰিষদে দেশতকৈ চাকৰি ডাঙৰ নহয় বুলি  যি আহ্বান দিছে ই জাতিটোৰ বাবে অত্যন্ত শুভ লক্ষণ ৷ ৰাজ্য চৰকাৰে জাতিটোৰ সংকটৰ মুহূৰ্ত্তত সজোৰে প্ৰতিবাদ সাব্যস্ত কৰিব পৰা হ’লে অসমত আজি এই  হায় হায় অৱস্থাৰ সৃষ্টি নহ’লহেঁতেন৷

বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে লগতে আমাৰ জাতীয় নায়কজনে উত্তৰ পূৰ্বাঞ্চলৰ  দুগৰাকী মুখ্য মন্ত্ৰীৰ দৰে প্ৰধান মন্ত্ৰীৰ ওচৰত বিলখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাহস কৰা নাই কিয় বুলিও প্ৰশ্ন কৰে।

Related News