DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত বিধেয়কৰ সমৰ্থনত আয়োজন কৰা সভাত ক’লা পতাকা দেখুৱাই আটক হ’ল লাচিত সেনাৰ সদস্য

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
January 31, 2019 6:47 pm
Police detained Protestor at Sivasagar

ফটো : নৰ্থ-ইষ্ট নাও

1.4k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সন্দৰ্ভত সচেতন নাগৰিক মঞ্চৰ আহ্বানত আজি আয়োজন কৰা এখন সভাক লৈ সৃষ্টি হয় তীব্ৰ উত্তেজনা। আলোচনা চলি থকাৰ সময়তে বীৰ লাচিত সেনাৰ একাংশ সদস্যই বিধেয়ক বাতিলৰ দাবীৰে ক’লা পতাকা প্ৰদৰ্শন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

জানিব পৰা মতে শিৱসাগৰ নগৰৰ এ টি ৰোডস্থিত হিন্দুধৰ্ম নামঘৰত নাগৰিক মঞ্চই আহ্বান কৰিছিল এই সভাখন। সভাখন আয়োজনৰ কথা গম পোৱা মাত্ৰেই বীৰ লাচিত সেনা শিৱসাগৰ জিলা সমিতিৰ একাংশ নেতা-কৰ্মীয়ে নামঘৰৰ বাহিৰত উপস্থিত হৈ ক’লা পতাকা প্ৰদৰ্শন কৰাৰ উপৰি প্ৰতিবাদকাৰীয়ে বিজেপি মুৰ্দাবাদ, জয় আই অসম, নাগৰিকত্ব সংশোধনী বিল বাতিল হ’বই লাগিব, আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

লগে লগে ঘটনাস্থলত আগৰে পৰা সষ্টম হৈ থকা শিৱসাগৰ আৰক্ষীৰ দলে বীৰ লাচিত সেনাৰ ১০ জন প্ৰতিবাদকাৰীক আটক কৰি থানালৈ লৈ যায়।

উল্লেখ্য যে সচেতন নাগৰিক মঞ্চই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ সমৰ্থনত এই সভাৰ আহ্বান কৰা বুলি দাবী উত্থাপন কৰি বীৰ লাচিত সেনাই তাৰ প্ৰতিবাদস্বৰূপে এইদৰে ক’লা পতাকা প্ৰদৰ্শন কৰা বুলি মন্তব্য কৰে সংগঠনটোৰ নেতৃত্বই।

ইফালে আজিৰ সভাত বিজেপি আৰু আৰ এচ এচৰ বহুকেইজন শীৰ্ষ পৰ্যায়ৰ নেতা উপস্থিত আছিল। আনহাতে আৰক্ষী প্ৰশাসনে সভা আৰম্ভ হোৱাৰ আগৰে পৰা প্ৰায় তিনি শতাধিক আৰক্ষী হিন্দুধৰ্মৰ নামঘৰৰ আশে পাশে মোতায়েন কৰি ৰাখিছিল।

Recent News

India vs Zimbabwe

সুন্দৰৰ আঘাত: জিম্বাবোৱেৰ বিৰুদ্ধে শৃংখলাৰ বাবে ভাৰতীয় দলত শ্বাহবাজ আহমেদ

Assamese language

অসমীয়া ভাষা কওঁতে বা লিখোঁতে সচৰাচৰ হোৱা ভুল

Durand Cup

আজিৰ পৰা আৰম্ভ হ’ব ডুৰাণ্ড কাপ: গুৱাহাটীত অনুষ্ঠিত হ’ব দহখন খেল

Guwahati

প্ৰেমৰ ভয়ংকৰ পৰিণতি নে অন্য কিবা! উত্তৰ গুৱাহাটীত যুৱতীক নৃশংস হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd