যুৱ নেতা সকলৰ অলপ ধৈৰ্য্য থকাটো দৰকাৰ; শচীন পাইলট সন্দৰ্ভত দ্বিগবিজয় সিঙৰ মন্তব্য
ৰাজস্থানত চলি থকা ৰাজনৈতিক অস্থিৰতা সন্দৰ্ভত মত ব্যক্ত কৰিছে কংগ্ৰেছৰ জেষ্ঠ নেতা দ্বিগবিজয় সিঙে।
ৰাজস্থান কংগ্ৰেছৰ জনপ্ৰিয় যুৱ নেতা শচীন পাইলটে কংগ্ৰেছ ত্যাগ কৰিবলৈ ওলোৱা সন্দৰ্ভত মত ব্যক্ত কৰি দ্বিগবিজয় সিঙে কয় যে, কংগ্ৰেছৰ যুৱ নেতা সকলৰ ধৈৰ্য্য নায়।
”শচীন পাইলটক সাংসদ বনোৱা হৈছিল, কেন্দ্ৰীয় মন্ত্ৰী, ৰাজস্থান কংগ্ৰেছৰ অধ্যক্ষ আৰু উপ-মুখ্য মন্ত্ৰীৰ পদ দিয়া হৈছিল, তেওঁৰ বয়স কিমা?” দ্বিগবিজয় সিঙে লগতে কয়।
দ্বিগবিজয় সিঙে শচীন পাইলট এতিয়াও বহু যুৱ বুলি উল্লেখ কৰি তেওঁৰ ধৈৰ্য্য থকাটো দৰকাৰ বুলি কোৱাৰ লগতে বৰ্তমান সময়ত পাইলটে যিবোৰ কৰি আছে সেয়া দলীয় অনুশাসনৰ বাহিৰত বুলি কয়।
উল্লেখযোগ্য যে, মঙলবাৰে শচীন পাইলটক ৰাজস্থান কংগ্ৰেছৰ অধ্যক্ষ আৰু উপ-মুখ্য মন্ত্ৰী পদৰ পৰা অপসাৰণ কৰা হৈছিল।
আনহাতে, কংগ্ৰেছৰ আন এগৰাকী জেষ্ঠ নেতা তথা প্ৰাক্তন ৰাষ্ট্ৰীয় মুখপাত্ৰ সঞ্জয় ঝাকো কংগ্ৰেছ দলৰ পৰা বহিস্কাৰ কৰা হৈছে।