NORTHEAST NOW (Assamese)

দুটাতকৈ অধিক সন্তান হ’লে নাপাব চৰকাৰী চাকৰি; ৰাজ্য চৰকাৰৰ সিদ্ধান্তক অসাংবিধানিক আখ্যা জেষ্ঠ কংগ্ৰেছী নেতা হৰিশ ৰাৱাটৰ

October 23, 2019 9:37 am · এন ই নাও নিউজ
Updated: October 23, 2019 9:39 am
হৰিশ ৰাৱাট, উৎস-ইণ্টাৰনেট

২১ অক্টোবৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰে দুটাতকৈ অধিক সন্তান থকা লোকক চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিবলৈ দিয়া নহ’ব বুলি লোৱা গুৰুত্বপূৰ্ণ সিন্ধান্তক অসাংবিধানিক আখ্যা দি তীব্ৰ বিৰোধিতা কৰিছে জেষ্ঠ কংগ্ৰেছী নেতা হৰিশ ৰাৱাটে।

ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তক অসাংবিধানিক আখ্যা দি মঙলবাৰে জেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে চৰকাৰৰ এই সিদ্ধান্তই নাগৰিকৰ সাংবিধানিক মৌলিক অধিকাৰ আৰু ব্যক্তি স্বাধীনতাক খৰ্ব কৰিব বুলি মন্তব্য কৰে।

সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাৱাটে অসম চৰকাৰৰ সিদ্ধান্তক তেওঁ কেতিয়াও সমৰ্থন নকৰে বুলি মত প্ৰকাশ কৰে।

‘‘ৰাজনৈতিক উদ্দেশ্য পুৰণ কৰাৰ বাবে নিজৰ জন্মৰ ওপৰত অধিকাৰ নথকা এজন যুৱকক কেনেদৰে চৰকাৰে নিজৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব! এয়া এক নিৰ্দয় সিদ্ধান্ত,’’ ৰাৱাটে কয়।

উল্লেখযোগ্য যে, ২১ অক্টোবৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত দুটাতকৈ অধিক সন্তান থকা লোকক চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিবলৈ দিয়া নহ’ব বুলি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

ক্ষুদ্ৰ পৰিয়ালৰ নীতি অনুসৰি ২০২১ চনৰ ১ জানুৱাৰিৰ পৰা দুটাতকৈ অধিক সন্তানৰ পিতৃ-মাতৃক চৰকাৰী চাকৰিৰ বাবে বিবেচনা কৰা নহ’ব বুলি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছিল।

Related News