বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিল জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী মহিমা সিং; জিএছটি, নিৰ্বাচনী বণ্ডেও পালে স্থান

লোকসভা নির্বাচন চলি থকা সময়ছোৱাত কেন্দ্রত বিজেপিৰ ১০ বছৰীয়া শাসনকালৰ অন্যায়-অত্যাচাৰৰ বিৰুদ্ধে দেশবাসীক একগোট হ’বলৈ আহ্বান জনাইছে কংগ্রেছে। ২৬ এপ্ৰিলত অসমৰ বৰাক উপত্যকাৰ অন্তর্গত লোকসভা আসনত অনুষ্ঠিত হ’বলগীয়া ভোটগ্রহণৰ পূৰ্বে বৰাকত আজি এখন সংবাদমেল সম্বোধন কৰি দেশখনক জুৰুলা কৰা জটিল বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে কংগ্রেছে। জ্যেষ্ঠ কংগ্রেছ নেত্রী তথা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ কমিউনিকেশ্যন কো- অর্ডিনেটৰৰ দায়িত্বত থকা মহিমা সিঙে সংবাদমেলত অতীত আৰু বৰ্তমানৰ শাসন ব্যৱস্থাৰ মাজত থকা তীব্র বৈপৰীত্যৰ ওপৰত আলোকপাত কৰি যোৱা দহ বছৰত মোদী নেতৃত্বাধীন চৰকাৰখন সকলো ক্ষেত্ৰতে ব্যর্থ হৈছে বুলি মন্তব্য কৰে। বিজেপি শাসনৰ অধীনত হোৱা স্বেচ্ছাচাৰী নীতি, অর্থনৈতিক সিদ্ধান্ত, সাংবিধানিক উলংঘাৰ সমালোচনা কৰি গণতান্ত্রিক মূল্যবোধৰ খহনীয়া আৰু জনসাধাৰণে সহ্য কৰা আৰ্থ- সামাজিক অন্যায়ৰ প্ৰসংগও উল্লেখ কৰে মহিমা সিঙে।

কংগ্ৰেছ নেত্ৰীগৰাকীয়ে নিবনুৱা সমস্যা, মুদ্রাস্ফীতি, প্রান্তীয় সম্প্ৰদায়ৰ বিৰুদ্ধে অপৰাধ, নাগৰিকৰ পলায়নৰ আতংকজনক বৃদ্ধিৰ কথা উল্লেখ কৰে। বিগত ১৩ বছৰ

ধৰি মোদী চৰকাৰে লোকপিয়ল সম্পন্ন নকৰাক লৈও প্রশ্ন উত্থাপন কৰে কংগ্ৰেছে। সমান্তৰালভাৱে বিমুদ্ৰাকৰণ, জিএছটি ৰূপায়ণ, আৰু বিতর্কিত নির্বাচনী বণ্ড ব্যৱস্থাৰ জৰিয়তে মোদী চৰকাৰে দেশৰ ১ শতাংশ পুঁজিপতিক অর্থাৎ মোদীৰ বন্ধুক দেশৰ ৪০ শতাংশ সম্পত্তি গোটাই দিছে বুলিও অভিযোগ কৰে কংগ্ৰেছে।

বিশেষকৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে বিভিন্ন সময়ত কেন্দ্ৰৰ বিজেপি চৰকাৰক সমালোচনা কৰি প্ৰদান কৰা মন্তব্যৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে সর্বোচ্চ ন্যায়ালয়ে ক’ভিড মহামাৰীৰ সময়ত মোদী চৰকাৰৰ ভেকচিন নীতিক স্বেচ্ছাচাৰী আৰু অযুক্তিকৰ বুলি অভিহিত কৰিছিল আৰু সকলোকে বিনামূলীয়াকৈ ভেকচিন দিবলৈ বাধ্য কৰাইছিল। ইয়াৰোপৰিও জাতিগত হিংসাৰ দাবানলে বিভীষিকা নমাই অনা মণিপুৰক লৈ মোদী চৰকাৰৰ ব্যৰ্থতাৰ কথাও উল্লেখ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।

ইফালে কংগ্ৰেছৰ ৭০ বছৰীয়া শাসন কালক লৈ প্রশ্ন উত্থাপন কৰি ৫ বছৰ সময় বিচৰা বিজেপি বিগত ১০ বছৰে সকলো দিশতে ব্যর্থ হোৱা বুলি দাবী করে কংগ্ৰেছে। যোৱা দহ বছৰত দেশত দলিতৰ বিৰুদ্ধে অপৰাধৰ হাৰ ৪৮ শতাংশ বৃদ্ধি পোৱা বুলি দাবী কৰাৰ লগতে ৱৰ্ল্ড হাংগাৰ ইনডেক্সত ১২৫ খন দেশৰ ভিতৰত ১১১ সংখ্যক স্থান লাভ কৰা ভাৰতৰ ক্ষুধার্ত জনতাৰ বাবে মোদী চৰকাৰেই দায়ী বুলিও দাবী কৰে কংগ্ৰেছে। লাডাখত চীনা সেনাৰ ভাৰত ভূমিত অনুপ্রৱেশ আৰু মহিলাৰ বিৰুদ্ধে বৃদ্ধি পোৱা অপৰাধৰ হাৰক লৈও মোদী চৰকাৰক সমালোচনা কৰে কংগ্রেছে।

সংবাদমেলত মহিমা সিঙে কয়, ‘১৯৫০ চনত কংগ্রেছে জনতাৰ কথামতে সংবিধান কাৰ্যকৰী কৰিছিল। তাৰ পিছত শিক্ষাৰ অধিকাৰ, তথ্যৰ অধিকাৰ, এম জি এনৰেগা কাৰ্যকৰী কৰি ভাৰতক উন্নয়নৰ দিশলৈ আগুৱাই যায় কংগ্রেছে। কিন্তু যোৱা ১০ বছৰত বিজেপিয়ে কেৱল ‘মন কী বাত’ শুনাই শুনাই বিমুদ্রাকৰণ, অনৈতিক জি এছ টি, অসাংবিধানিক নির্বাচনী বণ্ড স্বেচ্ছাচাৰীভাৱে কাৰ্যকৰী কৰিলে।’

২৬ এপ্রিলত বৰাক উপত্যকাত অনুষ্ঠিত হ’বলগীয়া ভোটগ্রহণৰ সময়ত বিজেপিৰ বিনাশ কাল আৰু ডলু চাহ বাগিচাৰ ৪০ লাখ গছ-গছনি, চাহ বাগিচাৰ শ্ৰমিকৰ ঘৰ ধ্বংস, ঘাইপথ নিৰ্মাণৰ মিছা প্রতিশ্রুতি, বানপানী-খহনীয়া ৰোধৰ মিছা প্রতিশ্রুতি, শিলচৰক স্মার্ট চিটি বনোৱাৰ বাবে বিজেপিয়ে দিয়া ভুৱা প্রতিশ্রুতিৰ কথা মনত ৰাখি নিজৰ বহুমূল্য ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় মহিমা সিঙে।

ইয়াৰ উপৰিও কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা ৫টা নিশ্চয়তাৰ কথা উল্লেখ কৰি সেয়া ৰূপায়ণ কৰিবলৈ প্রতিশ্রুতিবদ্ধ বুলিও কংগ্ৰেছ নেত্ৰীগৰাকীয়ে আশ্বাস দিয়ে। কংগ্রেছ ক্ষমতালৈ আহিলেই অংশীদাৰিত্বৰ ন্যায় (সমাজৰ সকলো শ্ৰেণীৰ ন্যায্য প্রতিনিধিত্ব আৰু গণনা নিশ্চিত কৰা), যুৱ ন্যায় (নিশ্চিত প্রথম চাকৰিৰ লগতে ঋণ বেহাই), কৃষি ন্যায় (কৃষকৰ বাবে নূন্যতম সহায়ক মূল্য সুৰক্ষিত কৰিবলৈ আইন ৰূপায়ণ), মহিলা ন্যায় (২০২৫ চনৰ পৰা চৰকাৰী চাকৰিত মহিলাৰ বাবে ৫০% সংৰক্ষণ) আৰু শ্রমিক ন্যায় (এম জি এনৰেগাৰ অধীনত দৈনিক মজুৰি ৪০০ টকালৈ বৃদ্ধি)- এই পাঁচটা ন্যায় পূৰণ কৰাৰ প্রতিশ্রুতি দিয়ে কংগ্রেছে।