গুৱাহাটীত উত্তৰ-পূবৰ বিজেপি বিৰোধী শক্তিক একত্ৰিত হোৱাৰ আহ্বান কংগ্ৰেছ নেতা চিদাম্বৰমৰ

P Chidambaram

জ্যেষ্ঠ কংগ্ৰেছ নেতা আৰু প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী তথা ৰাজ্যসভাৰ সদস্য পি চিদাম্বৰমে আজি গুৱাহাটীত উপস্থিত হৈ উত্তৰ-পূবৰ সকলো বিজেপি বিৰোধী শক্তিক একত্ৰিত হ’বলৈ আহ্বান জনাইছে

তেওঁ বিজেপি বিৰোধী সকলো ৰাজনৈতিক দলকে নিজৰ নীতি-আৰ্দশৰ প্ৰতি অনুগত থাকিয়েই বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱৰ্তীণ হোৱাৰ পৰামৰ্শ আগবঢ়ায়।

বৃহস্পতিবাৰে মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আয়োজন কৰা দলৰ সদস্যসকলৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষণ শিবিৰত উপস্থিত থকাৰ সময়ত সংবাদ মাধ্যমৰ লোকসকলৰ আগত চিদাম্বৰমে নিজৰ মতামত প্ৰকাশ কৰিছিল।

Also Read: Bank Union Strike: দুদিনীয়া বেংক ধৰ্মঘটত বহিছে প্ৰায় ৯লাখ বেংক কৰ্মচাৰী; সমস্যাত গ্ৰাহক 

চিদাম্বৰমে কয়, “মই গুৰুত্বসহকাৰে কওঁ যে ৰাজ্যিক বা ৰাষ্ট্ৰীয় নিৰ্বাচনত বিজেপিক পৰাজিত কৰিব লাগিলে উত্তৰ-পূবৰ সকলো বিজেপি বিৰোধী দল একত্ৰিত হ’ব লাগিব।”

তেওঁ কয় যে বিজেপিৰ বিৰুদ্ধে যুঁজখনত সকলো বিজেপি বিৰোধী দল একত্ৰিত ন’হলে জনসাধাৰণৰ বিশ্বাস জিকাটো সম্ভৱ নহয়।

Also Read:দুগৰাকী নাৰীক হত্যা, ১০২গৰাকী মৃত নাৰীক যৌন নিৰ্যাতন! চাওক, এই বিকৃত অপৰাধীৰ কাহিনী

চিদাম্বৰমে কয় যে যদি বিৰোধী দলসমূহে বিজেপি বিৰোধী মৰ্চাত যোগ দিবলৈ ইচ্ছুক নহয়, তেন্তে উত্তৰ-পূবত বিজেপিৰ বিৰোধিতা কৰা দলসমূহৰ স্থিতিক লৈ ৰাইজে প্ৰশ্ন কৰিব।