বৰষুণৰ পানী সংৰক্ষণত গুৰুত্ব আৰোপ পৰিবেশ সাংবাদিক কেয়া আচাৰ্যৰ

index

সমগ্ৰ দেশতে খোৱা পানীৰ সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰা সময়ত বৰষুণৰ পানীৰ সংৰক্ষণ আৰু ব্যৱহাৰে এক বিশেষ গুৰুত্ব লাভ কৰিছে। বিশেষকৈ উত্তৰ পূবৰ দৰে অধিক বৰষুণ হোৱা ৰাজ্য সমূহত বৰষুণৰ পানীক সম্পদ হিচাপে গ্ৰহণ কৰি তাৰ যথাযোগ্য ব্যৱহাৰত অগ্ৰাধিকাৰ দিব লাগে। এই মন্তব্য জ্যেষ্ঠ পৰিৱেশ সাংবাদিক কেয়া আচাৰ্যৰ।

বেংগালুৰৰ পৰা শনিবাৰে এক ভিডিও কনফাৰেন্স যোগে মহানগৰীৰ সাংবাদিক সকলক উদ্দেশ্যি দিয়া ভাষণত আচাৰ্যই লগতে খোৱা পানীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজনৈতিক সদিচ্ছা আৰু জনসাধাৰণৰ মাজত সজাগতা অত্যন্ত  প্ৰয়োজনীয় বুলি মত প্ৰকাশ কৰে।

এই প্ৰসংগতে আচাৰ্যই মহানগৰীৰ আবাসীসকলক বৰষুণৰ পানী সংৰক্ষণ আৰু ব্যৱহাৰ বাধ্যতামূলক কৰিব লাগে  বুলি মতপোষণ কৰে। ভূ জলৰ অত্যাধিক ব্যৱহাৰে ভাৰতবৰ্ষৰ প্ৰায় সকলো নগৰ-মহানগৰত খোৱা পানীৰ সমস্যাক জটিল কৰি তুলিছে বুলিও তেওঁ মন্তব্য কৰে।

দেশত চলি থকা নিৰ্বাচনী প্ৰক্ৰিয়াত পৰিৱেশে কোনো গুৰুত্ব নাপায় বুলি আক্ষেপ কৰি আচাৰ্যই ৰাজনৈতিক দল সমূহৰ ইস্তাহাৰত আৰু নেতাসকলৰ ভাষণত পৰিৱেশে গুৰুত্ব নোপোৱাৰ কথা উল্লেখ কৰে।

সংবাদ মাধ্যমৰ ভূমিকাৰ ওপৰত মন্তব্য কৰি আচাৰ্যই কয় যে সংবাদ মাধ্যমসমূহেও পৰিবেশ আৰু অনুসন্ধান মূলক বাতৰি আৰু লেখা প্ৰকাশৰ ক্ষেত্ৰত অনীহা প্ৰকাশ কৰা দেখা যায়। বিগত এটা দশকত ভাৰতীয় সংবাদ মাধ্যমৰ সম্পাদক সকল লাহে লাহে অপ্ৰাসংগিক হৈ আহিছে যাৰ ফলত নতুন সাংবাদিক সকলক দিগদর্শন আৰু  উৎসাহ দিয়াৰ ক্ষেত্ৰত এক শূন্যতাৰ সৃষ্টি হৈছে।

তথাপিও নতুন প্ৰজন্মৰ সাংবাদিকে সংবাদক্ষেত্ৰত নিজক প্ৰতিষ্ঠা কৰিবলৈ ন -ন চিন্তা চৰ্চা আৰু  কাৰিকৰী  দক্ষতাৰ সহায় ল’ব লাগিব বুলিও আচাৰ্যই দোহাৰে।