• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক, পৰিৱেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামীলৈ “ভাৰত গৌৰৱ সন্মান”

উত্তম কুমাৰ শৰ্মা, বোকাখাত by উত্তম কুমাৰ শৰ্মা, বোকাখাত
December 21, 2024 6:24 pm
গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক, পৰিৱেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামীলৈ “ভাৰত গৌৰৱ সন্মান”
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক, বিশিষ্ট পৰিৱেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামীলৈ “ভাৰত গৌৰৱ সন্মান”। পৰিৱেশ সংৰক্ষণত বিশেষভাৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহাৰ সুবাদতেই গোস্বামীলৈ আগবঢ়োৱা হৈছে এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান। আগন্তুক বৰ্ষৰ ৫ ফেব্ৰুৱাৰীত কৰ্ণাটকৰ ছেডম-কালাবুৰাগী জিলাত ভাৰত বিকাশ সংগমে অনুষ্ঠিত কৰা ভাৰতীয় সংস্কৃতি উৎসৱত গোস্বামীক আনুষ্ঠানিকভাৱে প্ৰদান কৰিব এই সন্মান। সুদীৰ্ঘ বছৰ ধৰি অপূৰ্ব বল্লভ গোস্বামীয়ে প্ৰকৃতি সংৰক্ষণৰ বাবে যথেষ্ট ত্যাগ স্বীকাৰ কৰাৰ লগতে ৰাইজৰ মৰম,সন্মান বুটলিবলৈ সক্ষম হৈছে ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে বহু দেশত জনতাৰ মঙ্গলৰ বাবে কামকৰি অহা ভাৰত বিকাশ সংগমে বিগত বৰ্ষসমূহতে সমাজৰ বিভিন্নক্ষেত্ৰত অনবদ্য বৰঙণি আগবঢ়াই অহা ব্যক্তিসকলক এই সন্মানৰে সন্মানিত কৰি উৎসাহিত কৰি আহিছে।


উল্লেখ কৰিব পাৰি যে, পৰিৱেশকর্মী গোস্বামীয়ে সমাজ জীৱনত এনে কিছুমান কাম কৰি আহিছে, যিবোৰ আজি নৱপ্ৰজন্মৰ বাবে সদায় স্মৰণীয় হৈ থাকিব। এসময়ত নুমলীগড় দেওপাহাৰ সংৰক্ষণৰ ক্ষেত্রত আন্দোলন কৰাৰ লগতে সংবাদ মাধ্যমত শিৰোনাম দখল কৰা গোস্বামীয়ে নতুন দিল্লীলৈ গৈ তদানীন্তন কেন্দ্রীয় মন্ত্রী মানেকা গান্ধীক লগ ধৰি স্মাৰক-পত্ৰ প্রদান কৰিছিল। আৰু দেওপাহাৰ সংৰক্ষণৰ ক্ষেত্ৰত স্থানীয় পৰিৱেশ কৰ্মী আৰু ৰাইজক লগত লৈ আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। যাৰ বাবে গোস্বামীৰ দীর্ঘদিনৰ প্রচেষ্টাতে দেওপাহাৰ বনাঞ্চলক ১৯৯৯ চনত চৰকাৰে প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল ৰূপে ঘোষণা কৰিছিল। এই মহৎ কাৰ্যৰ স্বীকৃতি স্বৰূপে দেওপাহাৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল ঘোষণাৰ পিছতে গোলাঘাটৰ তদানীন্তন বন সংমণ্ডল প্ৰাধিকাৰী এফ ৰহমানে গোস্বামীক প্রশংসামূলক-পত্র প্রদানেৰে সম্মানিত কৰিছিল। ইয়াৰ উপৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, নামবৰ-দৈগ্রোং বন্যপ্রাণী অভয়াৰণ্যকে ধৰি জিলাখনৰ বনাঞ্চলসমূহ সংৰক্ষণৰ ক্ষেত্রত এফালে কাকতত বাতৰি পৰিৱেশন আৰু আনফালে পৰিৱেশ কর্মীসকলক একগোট কৰি সংবাদ মাধ্যমৰ জৰিয়তে সজোৰে প্রতিবাদ কৰি আহিছে। কেৱল সেয়াই নহয় পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত বিভিন্ন সময়ত আইনী যুঁজত অৱতীৰ্ণ হৈছে গোস্বামী।


অন্যহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১৯৯৮ চনত হোৱা প্রলয়ংকৰী বানত বন্যপ্ৰাণীৰ অভিলেখসংখ্যক মৃত্যু হোৱাত কেন্দ্রীয় মন্ত্রী মানেকা গান্ধীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰিছিল আৰু মেনেকা গান্ধীয়ে পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয় সৈনাবাহিনীৰ জৰিয়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাইলেণ্ড নির্মাণ কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ উপৰি কাজিৰঙা সংৰক্ষণৰ স্বাৰ্থত বিকল্প পথ হিচাপে সংবাদ মাধ্যমত বাতৰি পৰিৱেশন কৰাত ৰাষ্ট্ৰীয় উদ্যানৰ স্বাৰ্থত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো কলিয়াবৰ, জামুগুৰি, গহপুৰ, নুমলীগড় সংযোগী বিকল্প পথ নির্মাণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অনুমোদন প্রদান কৰিছিল। ঠিক সেইদৰে ১৯৯৯ চনত উত্তৰ-পূৰ্বাঞ্চলৰ ড্ৰাগছ সৰবৰাহৰ উৎস বিচাৰি ম্যানমাৰৰ সোণালী ত্রিভুজৰ সন্ধানত ম্যানমাৰ ভ্ৰমণ কৰি ড্রাগছ মাফিয়া খুনছাৰ ড্রাগছ সাম্ৰাজ্যৰ বিষয়ে বিতংকৈ সংবাদ মাধ্যমত বাতৰি পৰিৱেশন কৰাৰ লগতে ভাৰত-ম্যানমাৰ সীমান্তৰ শিথিলতাৰ কথা সেই সময়তে বিতংকৈ সংবাদ মাধ্যমত বাতৰি পৰিৱেশন কৰি সজাগতা সৃষ্টি কৰিছিল। গোস্বামীয়ে ভাৰত-ম্যানমাৰৰ সীমান্ত ছীল কৰাত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব দিয়াৰ বাবেই বহু বছৰৰ আগতে কেন্দ্রীয় চৰকাৰলৈ আবেদন কৰিছিল। এনেদৰে বিভিন্ন পৰিৱেশ সমস্যাৰ লগতে চোৰাং চিকাৰীৰ বিৰুদ্ধে থকা বন্যপ্রাণী হত্যাৰ এক গোচৰ অসম চৰকাৰে কৌশলেৰে আদালতৰ পৰা উঠাই দিয়াত গোস্বামীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত ২০০২ চনৰ ৩১ জুলাইত ৰাজহুৱা স্বার্থজড়িত আবেদন দি পুনৰ উচ্চ ন্যায়ালয়ে অসম চৰকাৰৰ নিৰ্দেশ বাতিল কৰি গোচৰটো চলাবলৈ বাধ্য কৰাইছিল। গোস্বামীয়ে ২০০৬ চনত অইল ইণ্ডিয়াই ব্রহ্মপুত্ৰৰ ওপৰত ভূ-কম্পন জৰীপ বন্ধ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালত আবেদন দাখিল কৰে। প্ৰস্তাৱিত ব্রহ্মপুত্র ভূ-কম্পন জৰীপে শিহু আৰু জলচৰ প্ৰাণীৰ ওপৰত তীব্ৰ প্রভাৱ পেলোৱাৰ সম্ভাৱনাৰ বাবেই গোস্বামীয়ে নেতৃত্ব লৈ ন্যায়ালয়ে উক্ত ৰাজহুৱা স্বার্থজড়িত আবেদনখন দাখিল কৰিছিল।


২০০৬ চনত নুমলীগড় শোধনাগাৰে প্ৰডাকচন পাইপ লাইনৰ জৰিয়তে শিলিগুৰিত মার্কেটিং টার্মিনাছ স্থাপন কৰাত গোস্বামীয়ে তীব্র বিৰোধিতা কৰিছিল। ২০১৭ চনত গোলাঘাট জিলাৰ দৈগ্রোং আৰু কালিয়নী নদীত চলি থকা অবৈধ বালি খননৰ বিৰুদ্ধে গোস্বামীয়ে গোচৰ তৰে। কাৰ্বি আংলং জিলাৰ ঐতিহাসিক জৈৱ-বৈচিত্র্য সিংহাসন পাহাৰৰ সম্পৰ্কত ২০১৮ চনৰ ২৩ মাৰ্চত প্ৰচাৰ মাধ্যমত তথ্যসম্বলিত নিবন্ধ লিখি জনসাধাৰণক পাহাৰটোৰ সম্পৰ্কত পৰিচয় কৰাইছিল। লুঙী, পাট্টাদিচা, চেলাবৰ, সোণাৰিজান, সৰগুটি, নামবৰ, কালিয়নী, দৈগ্রোং, কহৰা, ডিফলু নামেৰে দহখন নদী এই সিংহাসন পাহাৰৰ পৰাই উৎপত্তি হোৱাৰ সম্পর্কত তথ্য আগবঢ়াই পাহাৰটো সংৰক্ষণত গুৰুত্ব প্রদান কৰি জৈৱ-বৈচিত্র্যপূর্ণ সিংহাসন পাহাৰক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়াৰ দাবী জনাই আহিছে। ২০১৯ চনত চুইজাৰলেণ্ডৰ প্রকৃতিপ্রেমী, তথ্যচিত্র নির্মাতা ব্রিজ্জিট আট্রাৰ কর্ণেটঝকিয়ে হাতী-মানুহৰ সংঘাত আৰু নামবৰ বন্যপ্রাণী অভয়াৰণ্যৰ অন্তর্গত নামবৰ নৈৰ কাষত কয়লা মাফিয়াই চলাই অহা অবৈধভাবে কয়লা খননৰ বিৰুদ্ধে এখন তথ্যচিত্র নির্মাণ কৰিছিল। উক্ত তথ্যচিত্রখন নির্মাণ কৰাত যথেষ্ট সাহসিকতাৰে সহযোগিতা আগবঢ়াইছিল গোস্বামীয়ে। কেৱল সেয়াই নহয় ২০২০ বর্ষত দিহিং-পাটকাই অভয়াৰণ্যক ৰাষ্ট্রীয় উদ্যান ঘোষণাৰ বাবে মুখ্যমন্ত্রীক স্মাৰক-পত্ৰৰ জৰিয়তে দাবী উত্থাপন কৰাত মুখ্যমন্ত্রীয়ে তৎকালীনভাবে পূবৰ আমাজান খ্যাত দিহিং-পাটকাই বর্ষাৰণ্যক ৰাষ্ট্রীয় উদ্যান ঘোষণাৰ প্রক্রিয়া আৰম্ভ কৰি অৱশেষত দিহিং- পাটকাইক ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি প্রদান কৰে।


২০২০ চনত বাঘজানৰ সমীপৰ ডিব্র-চৈখোৱা ৰাষ্ট্রীয় উদ্যান আৰু মাণ্ডৰি-মতাপুং বিলৰ কাষত অইল ইন্ডিয়াই গেছ ৰিগ স্থাপন কৰি অঞ্চলটোত পৰিৱেশ বিনষ্ট কৰাৰ লগতে অইল ইণ্ডিয়াৰ ভুলৰ বাবেই ১৭৪ দিন ধৰি বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। যাৰ ফলত পৰিৱেশ বিনষ্ট হোৱাৰ লগতে বহু লোকে আশ্রয় শিবিৰত দিন কটাব লগা হৈছিল। অইল ইঞ্জিয়াৰ এনে কাণ্ডৰ বিৰুদ্ধে বাঘজান আৰক্ষী থানাত গোচৰ তৰি পৰিৱেশ সংৰক্ষণৰ বাবে গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছিল গোস্বামীয়ে। ২০২০ চনত ধোদৰ আলি চাৰিলেনযুক্ত পথলৈ উন্নীতকৰণৰ বাবে তদানীন্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাললৈ স্মাৰকপত্র প্রেৰণ কৰাকে ধৰি ২০২১ চনৰ ১৯ জুলাইত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈ গোলাঘাট জিলা আযুক্তৰ জৰিয়তে দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ সমীপতে থকা শালেকী, টিৰাপ, টিপং, দালাই, দেওশালী প্রস্তাৱিত সংৰক্ষিত বনাঞ্চলকেইখন সংৰক্ষিত বনাঞ্চললৈ উন্নীতকৰণৰ বাবে স্মাৰক পত্র প্রেৰণ কৰিছিল। ২০২৪ বর্ষত উক্ত প্রস্তাৱিত বনাঞ্চলকেইখন সংৰক্ষিত বনাঞ্চললৈ উন্নীত কৰে। ২০২১ চনত নগাঁৱৰ তপজুৰি বামুণীপাহাৰত একেলগে ১৮টাকৈ বন্যহস্তীৰ মৃত্যুৱে সমগ্র বিশ্বকে কঁপাই তুলিছিল। সেই সময়তো সচেতন নাগৰিকৰ সমান্তৰালভাৱে প্ৰকৃত প্ৰকৃতিপ্ৰেমীৰ নিদৰ্শন দাঙি ধৰিছিল গোস্বামীয়ে । চৰকাৰীভাবে যদিও বজ্রপাতত হাতীকেইটাৰ মৃত্যু হোৱা বুলি কোৱা হৈছিল তথাপি গোস্বামীয়ে ক্ষেত্রভিত্তিক অধ্যয়ন কৰি এক তথ্যচিত্রৰ জৰিয়তে সমগ্র ঘটনাৰ আৰঁৰ কিছু ৰহস্য উদঘাটন কৰিছিল। লগতে ঘটনাটোৰ দোষীৰ বিৰুদ্ধে চামগুৰি থানাত নিজাববীয়াকৈ এক গোচৰ তৰিছিল। শেহতীয়াকৈ গোলাঘাটৰ কালিয়নী বনাঞ্চলক প্রস্তাৱিত সংৰক্ষিত বনাঞ্চল ঘোষণাৰ দাবীৰে বিগত ১৩ ছেপ্টেম্বৰত গোলাঘাট জিলা আযুক্তৰ জৰিয়তে মুখ্যমন্ত্রীলৈ স্মাৰক পত্র প্রেৰণ কৰে। পাটকাইত অবৈধ কয়লা খনন, দিচৈভেলীত বেদান্ত গ্রুপৰ তেল অন্বেষণৰ তীব্র বিৰোধিতা আদি বহু পৰিৱেশব আন্দোলনৰ গতি দিবলৈ সক্ষম হোৱা গোস্বামী এতিয়াও হাৰ মনা নাই। কেৱল পৰিৱেশ বা বন্যপ্ৰাণী সংৰক্ষণতে নহয় অসম-নাগালেণ্ড সীমা সমস্যা সমাধানৰ ক্ষেত্ৰতো বিভিন্ন সয়মত মাত মাতি আহিছে গোস্বামীয়ে। অপূৰ্ব বল্লভ গোস্বামীৰ কৰ্মৰাজীৰ সঠিক বিশ্লেষণ কৰি গোস্বামীলৈ ভাৰত বিকাশ সংগমে আগবঢ়োৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাৰত গৌৰৱ সন্মান আগবঢ়োৱাত এতিয়া সন্তোষ প্ৰকাশ কৰিছে বিভিন্নজনে।

উত্তম কুমাৰ শৰ্মা, বোকাখাত

উত্তম কুমাৰ শৰ্মা, বোকাখাত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিৰ নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; হত্যাকাৰী ৰিন্টু শৰ্মাক মৃত্যুদণ্ড

ধেমাজিৰ নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; হত্যাকাৰী ৰিন্টু শৰ্মাক মৃত্যুদণ্ড

August 21, 2025 3:45 pm
নৃশংস হত্যা! ঘৰৰ পৰা উদ্ধাৰ পিতৃ-মাতৃ, পুত্ৰৰ ক্ষতবিক্ষত ৰক্তাক্ত মৃতদেহ; তদন্ত অব্যাহত

নৃশংস হত্যা! ঘৰৰ পৰা উদ্ধাৰ পিতৃ-মাতৃ, পুত্ৰৰ ক্ষতবিক্ষত ৰক্তাক্ত মৃতদেহ; তদন্ত অব্যাহত

August 21, 2025 2:25 pm
হোটেললৈ আমন্ত্ৰণ! অভিনেত্ৰীক আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰি বিপদত বিধায়ক

হোটেললৈ আমন্ত্ৰণ! অভিনেত্ৰীক আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰি বিপদত বিধায়ক

August 21, 2025 2:15 pm
ভাৰতৰ শীৰ্ষ ১০ গৰাকী ম’ষ্ট ৱাণ্টেডৰ অন্যতম চিণ্ডী সিঙক গ্ৰেপ্তাৰ মাৰ্কিন চোৰাংচোৱা এফবিআইৰ

ভাৰতৰ শীৰ্ষ ১০ গৰাকী ম’ষ্ট ৱাণ্টেডৰ অন্যতম চিণ্ডী সিঙক গ্ৰেপ্তাৰ মাৰ্কিন চোৰাংচোৱা এফবিআইৰ

August 21, 2025 1:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিৰ নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; হত্যাকাৰী ৰিন্টু শৰ্মাক মৃত্যুদণ্ড

ধেমাজিৰ নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; হত্যাকাৰী ৰিন্টু শৰ্মাক মৃত্যুদণ্ড

August 21, 2025 3:45 pm
নৃশংস হত্যা! ঘৰৰ পৰা উদ্ধাৰ পিতৃ-মাতৃ, পুত্ৰৰ ক্ষতবিক্ষত ৰক্তাক্ত মৃতদেহ; তদন্ত অব্যাহত

নৃশংস হত্যা! ঘৰৰ পৰা উদ্ধাৰ পিতৃ-মাতৃ, পুত্ৰৰ ক্ষতবিক্ষত ৰক্তাক্ত মৃতদেহ; তদন্ত অব্যাহত

August 21, 2025 2:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd