২০২১ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম গণ পৰিষদৰ জেষ্ঠ নেতা বাণী দাসৰ পদত্যাগ

বাণী দাস, উৎস-ইণ্টাৰনেট

বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা তথা অসম গণ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক বানী দাসে অসম গণ পৰিষদৰ পৰা পদত্যাগ কৰিছে।

অসম গণ পৰিষদৰ পৰা পদত্যাগ কৰাৰ পাছতে দাসে মৰিগাঁও বিধানসভা সমষ্টিটো অগপ দলে প্ৰতিবাৰে মিত্ৰতাৰ বুজাবুজিৰে অন্য দলক এৰি দিয়া কাৰ্য্যই সমষ্টিৰ তৃণামূল কৰ্মীসকলক হতাশ কৰি তুলিছে বুলি মতপ্ৰকাশ কৰে।

আনহাতে, অগপত বৰ্তমান সময়ত জাতীয়তাবাদী চিন্তা ধাৰা আগবঢ়াই নিয়াৰো কোনোধৰণৰ সম্ভাৱনা নাই বুলি দাসে লগতে কয়।

অসমীয়া চলচ্চিত্ৰ প্ৰেমী সকলক অহেতুক, কাদাম্বৰী, মন আদি সুন্দৰ চলচ্চিত্ৰ উপহাৰ দিয়া বাণী দাসে অগপ দলত থকাৰ সময়ত দলটোৰ কেন্দ্ৰীয় সম্পাদকৰ লগতে মুখপাত্ৰ আদি পদত থাকিও সেৱা আগবঢ়াইছিল।

বৰ্তমানলৈ জাতীয়তাবাদী নেতা গৰাকীয়ে ভবিষ্যতে তেওঁ কোনো ৰাজনৈতিক দলত যোগদান কৰিব নে নকৰে সেয়া স্পষ্টভাৱে প্ৰকাশ কৰা নাই যদিও তেওঁ অসম জাতীয় পৰিষদত যোগদান কৰিব পাৰে বুলিও সচেতন ৰাজনৈতিক মহলৰ মাজত চিন্তা চৰ্চা চলিছে।