NORTHEAST NOW (Assamese)

অসম চৰকাৰ-ৰাজনৈতিক দলক ৩ মাহৰ সময় জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ

December 26, 2018 11:17 pm · কাজি জেইদুল ইছলাম
Updated: December 26, 2018 11:18 pm
উপমন্যু হাজৰিকা। ছবি- ফে’চবুকৰ।

অসমৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে ৩ মাহৰ ভিতৰতে আইন প্ৰণয়ন কৰিবলৈ বিজেপি নেতৃত্বাধীন চৰকাৰৰ লগতে সকলো ৰাজনৈতিক দলকে দাবী জনাইছে উপমন্যু হাজৰিকাই।

শেহতীয়াকৈ খিলঞ্জীয়া সুৰক্ষাৰ বাবে মণিপুৰ বিধান সভাত সকলো ৰাজনৈতিক দলে সৰ্বসন্মতভাৱে গ্ৰহণ কৰা আইনৰ ব্যৱস্থা অসমতো ল’বলৈ বুধবাৰে বিশ্বনাথত আহ্বান জনাইছে প্ৰব্ৰজনবিৰোধী মঞ্চৰ নেতা তথা অধিবক্তা হাজৰিকাই।

বিশ্বনাথত উপমন্যু হাজৰিকা। ছবি- নৰ্থ ইষ্ট নাও।

“মণিপুৰ বিধান সভাত সকলো দলে সৰ্বসন্মতিক্ৰমে মণিপুৰৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে সংৰক্ষণ আইন গৃহীত কৰিব পাৰে, তেনেহ’লে অসমৰ দলসমূহে কিয় এই আইন প্ৰণয়ন কৰিব নোৱাৰে? অহা ৩ মাহৰ ভিতৰত, ৩‍১ জানুৱাৰি, ২০‍১৯ৰ ভিতৰত এই আইন প্ৰণয়ন কৰি খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰক,” বিশ্বনাথত এই সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে আয়োজিত কেইবাখনো পথসভাত এই দাবী জনাই হাজৰিকাই।

১৯৫১ চনক ভিত্তিবৰ্ষৰূপে লৈ এই আইন প্ৰণয়নৰ দাবী জনাই হাজৰিকাই লগতে কয় যে অসমৰ মূল সমস্যা বাংলাদেশী নহয়, ৰাজনৈতিক নেতৃত্বহে।

হাজৰিকাৰ নেতৃত্বত অহা দলটোৱে বিশ্বনাথৰ বিভিন্ন স্থানত পথ সভা অনুষ্ঠিত কৰাৰ লগতে বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানত গোহাৰি পত্ৰও বিলায়।

Related News