NORTHEAST NOW (Assamese)

বঙাইগাঁৱত মাৰোৱাৰী যুৱ মঞ্চৰ চেনিটাইজেছন কাৰ্যসূচী

May 28, 2021 4:09 pm · প্ৰণৱ কুমাৰ ডেকা

মহামাৰী ক’ৰ’নাৰ সংকটকালত সহায়ৰ বাবে আগবাঢ়ি আহিছে মাৰোৱাৰী যুৱ মঞ্চৰ বঙাইগাঁও শাখাই।

ৰক্তদান , ২৪ ঘন্টীয়া অক্সিজেন আৰু এম্বুলেন্স সেৱা প্ৰদান কৰাৰ পাছত এইবেলি মাৰোৱাৰী যুৱ মঞ্চৰ বঙাইগাঁও শাখাই আৰম্ভ কৰিছে চেনিটাইজেছন কাৰ্যসূচী ৷

প্ৰথম পৰ্যায়ত মন্দিৰ , মছজিদ, গুৰুদ্বাৰ , বেংক , প্ৰেছ ক্লাব , আৰক্ষী থানা , শ্মশান আদি স্থান সমূহ বাছি লৈছে চেনিটাইজেছনৰ বাবে ৷

ইয়াৰ অংশ হিচাপে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত প্ৰথম চেনিটাইজেছন কাৰ্যসূচীৰ আৰম্ভণি কৰে ৷

ইয়াৰ পিছতে উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকী আৰু ভাৰতীয় ষ্টেট বেংকৰ বঙাইগাঁও শাখাও চেনিটাইজ কৰা হয় ৷

চাৰিদিন ধৰি এই কাৰ্যসূচী চলিব বুলি জানিবলৈ দিছে মাৰোৱাৰী যুৱ মঞ্চই ।এই কাৰ্যসূচীত মাৰোৱাৰী যুৱ মঞ্চৰ বঙাইগাঁও শাখাৰ সভাপতি হিমাংশু তুৱানি আৰু সাধাৰণ সম্পাদক মুকুল জৈনসহ আৰু কেবাজনো বিষয়ববীয়া উপস্থিত থাকে ৷

Related News