কোকৰাঝাৰত হত্যা: পদুলিত ৩ বছৰীয়া কন্যা, মাকৰ ৰক্তাক্ত দেহ; আঁঠুৱাত ওলমি ৰ’ল পিতৃ

কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত মুখীগাঁৱত একেটা পৰিয়ালৰে তিনিজন সদস্যক অচিনাক্ত দুষ্কৃতিকাৰীয়ে দাৰে ঘঁপিয়াই হত্যা কৰাত জিলাখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।

বুধবাৰে নিশা সংঘটিত এই ভয়ানক ঘটনাত একেটা পৰিয়ালৰে নিহত হোৱা তিনিজন সদস্য হ’ল ক্ৰমে টিপুল ৰায় (পিতৃ, ৩৪), মৰমী ৰায় (মাতৃ , ২৫) আৰু অঞ্জুমণি ৰায় (কন্যা, ৩)। আনহাতে উক্ত ঘটনাত সৌভাগ্যবশতঃ কবিতা ৰায় (৬) নামৰ কণমানি কন্যাগৰাকী ৰক্ষা পৰে।

ঘটনাটো বৃ্হস্পতিবাৰে ৰাতিপুৱাহে পোহৰলৈ আহে। গাওঁবাসীৰ একাংশই ৰাতিপুৱা মৰমী ৰায় (মাতৃ, ২৫) আৰু অঞ্জুমণি ৰায় (কন্যা, ৩)ৰ মৃতদেহ ৰক্তাক্ত অৱস্থাত ঘৰৰ বাহিৰত পৰি থকা প্ৰত্যক্ষ কৰি হুৱাদুৱা লগায় আৰু আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে মুহূৰ্ততে ঘটনাস্থলীত উপস্থিত হৈ মাক আৰু কণমানিজনীৰ লগতে ঘৰৰ ভিতৰত টিপুল ৰায় (পিতৃ, ৩৪)ৰ মৃতদেহ উদ্ধাৰ কৰে।

দুষ্কৃতিকাৰীয়ে ঘৰৰ পিছফালে সিন্ধি খান্দিছিল যদিও সিন্ধিটো অসম্পূৰ্ণ অৱস্থাত থকালৈ চাই দুষ্কৃতিকাৰীয়ে সন্মুখৰ পৰাই সোমাই উক্ত অপকাণ্ড সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে।

গাওঁবাসীৰ সন্দেহ অনুসৰি দুষ্কৃতিকাৰীয়ে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি প্ৰথমে টিপুল ৰায়ক হত্যা কৰে আৰু কন্যা সন্তানক সাৱটি লৈ মাতৃ মৰমী ৰায়ে পলায়ন কৰিব খোজোতে ঘৰৰ বাহিৰতে হানিখুচি হত্যা কৰে।

গাওঁবাসীয়ে প্ৰকাশ কৰা মতে পৰিয়ালটো সাধাৰণ শ্ৰমিক পৰিয়াল আছিল আৰু কাৰো সতে কোনোধৰণৰ সংঘাত নাছিল।

দুষ্কৃতিকাৰীৰ চোকা অস্ত্ৰৰ আঘাতত নিহত হোৱা টিপুল ৰায়ৰ ভৰি আঁঠুৱাতে ওলমি আছিল আৰু মাতৃ কন্যাৰ মৃতদেহ ঘৰৰ বাহিৰত তলমূৰ হৈ পৰি আছিল । দুষ্কৃতিকাৰীৰ চোকা অস্ত্ৰৰ আঘাতত কণমানি অঞ্জুমনি ৰায়ৰ মূৰৰ পিছফাল ক্ষত-বিক্ষত হৈ পৰে।

ইপিনে উক্ত ঘটনা সন্দৰ্ভত কোকৰাঝাৰ জিলাৰ উপ আৰক্ষী অধীক্ষক পুনমজিৎ নাথে তদন্ত অব্যাহত আছে বুলি সদৰী কৰি এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি মন্তব্য কৰে। আৰক্ষীয়ে ঘাতকৰ সন্ধান লাভ কৰিবলৈ স্নিফাৰ ডগ ব্যৱহাৰ কৰিছিল যদিও বিফল হয়।

দোষীক কৰায়ত্ত কৰাৰ বাবে আৰক্ষীয়ে প্ৰতিটো দিশেই তন্ন-তন্নকৈ পৰীক্ষা কৰি তদন্ত চলোৱা হ’ব বুলিও মন্তব্য কৰিছে উপ আৰক্ষী অধীক্ষক পুনমজিৎ নাথে।
ইপিনে আছাৰ সভাপতি ষ্টিফেন লাক্ৰাই ঘটনাস্থলীত উপস্থিত হৈ দোষীক কৰায়ত্ত কৰাৰ বাবে আহ্বান জনায়। দোষীক কৰায়ত্ত কৰাৰ স্বাৰ্থত প্ৰয়োজনবশতঃ চিআইডি তদন্তৰ পোষকতা কৰি নিঠৰুৱা সন্তানৰ দায়িত্ব চৰকাৰে লোৱা উচিত বুলি মন্তব্য কৰে ষ্টিফেন লাক্ৰাই।

ইপিনে আক্ৰাছুৰ উপদেষ্টা হিতেশ্বৰ বৰ্মন আৰু নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথে ঘটনাটোক গৰিহণা দি দুষ্কৃতিকাৰীক অতিশীঘ্ৰে কৰায়ত্ত কৰি আইন অনুসাৰে কঠোৰ শাস্তি প্ৰদান কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে।