যোৰহাটৰ চেউনি গাঁৱত যুৱকৰ মৃতদেহ উদ্ধাৰ; অঞ্চলজুৰি চাঞ্চল্য

যোৰহাট জিলাৰ ৰৰৈয়া আৰক্ষী থানাৰ অন্তৰ্গত চেউনী গাঁৱৰ পানী যোগান আঁচনিৰ চাদৰ ওপৰত আজি পুৱা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে l

জানিব পৰা মতে পানী যোগান আঁচনিৰ কৰ্মচাৰীয়ে যুৱকজনৰ মৃতদেহ চাদৰ ওপৰত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে l

লগতে পঢ়ক: জলমগ্ন গুৱাহাটী: কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ জৰুৰী নিৰ্দেশনা; হেল্পলাইন নম্বৰ মুকলি

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে l

মৃত যুৱকজন পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত ডেকাগাঁও পিজলি চুকৰ দ্বীপজ্যোতি বৰা(২২) বুলি জানিব পৰা গৈছে যদিও মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই l

লগতে পঢ়ক: গুৱাহাটীৰ বৰাগাঁৱত ভয়াৱহ ভূমিস্খলনে প্ৰাণ ল’লে চাৰি শ্ৰমিকৰ

পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্ততহে যুৱকজনৰ মৃত্যুৰ কাৰণ জানিব পৰা যাব l