NORTHEAST NOW (Assamese)

যুদ্ধবিৰতিৰ পিছতে ভাৰতৰ শ্বেয়াৰ বজাৰত উত্থান! ২০০০ পইণ্টৰো অধিক বৃদ্ধি চেন্সেক্স

May 12, 2025 5:19 pm ·
Updated: May 12, 2025 4:22 pm

ভাৰত-পাকিস্তানৰ সংঘাতৰ উত্তেজনা কমি অহাৰ লগে লগে দেশৰ শ্বেয়াৰ বজাৰত উত্থান দেখিবলৈ পোৱা গৈছে। সোমবাৰে বজাৰ মুকলি হোৱাৰ পিছতে শ্বেয়াৰ বজাৰত উত্থান স্পষ্ট হৈ পৰে।  পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ২০০০ পইণ্টৰো অধিক বৃদ্ধি পাইছে চেন্সেক্স। এই উত্থানে বিনিয়োগকাৰীৰ মাজত আনন্দৰ জোৱাৰ তুলিছে।

পাকিস্তানৰ সৈতে সংঘাতৰ বাবে ভাৰতৰ শ্বেয়াৰ বজাৰত বৃহৎ প্ৰভাৱ পৰিব বুলি আশংকা কৰা হৈছিল। যদিও কোনেও ভবা নাছিল যে বজাৰ উত্থান এনেদৰে দেখিবলৈ পোৱা যাব সোমবাৰে বজাৰ মুকলি হোৱাৰ কিছু সময়ৰ ভিতৰতে চেন্সেক্স ১৮০০ পইণ্টতকৈ অধিক বৃদ্ধি পায়। সময় বাগৰি যোৱাৰ লগে লগে চেন্সেক্সউত্থান অধিক তীব্ৰ হয়। চেন্সেক্স বৰ্তমান ৮১,৯০০ পইণ্টৰ আশে-পাশে স্থিতি লাভ কৰিছে।

উল্লেখ্য যে সৰ্বাধিক বৃদ্ধি পোৱা শ্বেয়াৰৰ ভিতৰত আছে ইণ্ডিগো এভিয়েশন, শ্ৰীৰাম ফাইনেন্স, দ্য ইণ্ডিয়ান হোটেলছ, আদানী গ্ৰীণ, ৰিলায়েন্স পাৱাৰ, আদানী পা১ৰ, আৰু আদানী এণ্টাৰপ্ৰাইজ। এই শ্বেয়াৰসমূহৰ মূল্য ৬ৰ পৰা ১২ শতাংশ বৃদ্ধি পাইছে। আনহাতে, ইণ্ডিয়ান বেংক, বেংক অৱ ইণ্ডিয়া, হেলো, আৰু ছান ফাৰ্মাৰ দৰে শ্বেয়াৰৰ মূল্য ১ৰ পৰা ২ শতাংশ হ্ৰাস পাইছে।

বিশেষজ্ঞসকলৰ মতে, ভাৰতীয় শ্বেয়াৰ বজাৰৰ এই উত্থানৰ পিছত ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি আৰু আমেৰিকাৰ শুল্ক নীতিৰ ভূমিকা আছে। ইয়াৰ উপৰিও চীনৰ সৈতে আমেৰিকাৰ উন্নত বাণিজ্যিক সম্পৰ্কই এই ইতিবাচক পৰিৱেশ সৃষ্টি কৰিছে। তথাপি, এই বৃদ্ধিৰ মূল কাৰণ হৈছে ভাৰত-পাকিস্তানৰ সংঘাতৰ অৱসান। যুদ্ধৰ উত্তেজনা কমি অহাৰ পিছত শ্বেয়াৰ বজাৰে নতুন উচ্চতা স্পৰ্শ কৰিছে। সোমবাৰে বজাৰ মুকলি হোৱাৰ লগে লগে বিনিয়োগকাৰীৰ আত্মবিশ্বাস বৃদ্ধি পাইছে, যাৰ ফলত শ্বেয়াৰ বজাৰত বিনিয়োগ বৃদ্ধি পাইছে।

Related News