বিশ্বকাপ খেলিবলৈ অহা তাৰকাৰ সতীৰ্থৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্কৰ অভিযোগ

ডুচান ভ্লাহোভিচ (বাওঁফালে) আৰু (সোঁফালে) পত্নী আন্নাৰ সৈতে প্ৰেড্ৰাগ ৰাজকোভিচ। ফটো: সংগৃহীত।

শুকুৰবাৰে গ্ৰুপৰ অন্তিমখন খেলত ছাৰ্বিয়াই চুইজাৰলেণ্ডৰ মুখামুখি হয়। তাৰ আগতেই  আভ্যন্তৰীণ খেলিমেলিত অস্থিৰ হৈ পৰে দলটো। এগৰাকী তাৰকা ফুটবল খেলুৱৈক দলৰ সতীৰ্থৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্কত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে। অৱশ্যে, ফুটবলআৰগৰাকীয়ে সকলো অভিযোগ অস্বীকাৰ কৰিছে। কিন্তু তাৰপিছতো বিতৰ্ক মাৰ যোৱা নাই।

এই বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈছে ছাৰ্বিয়াৰ ষ্ট্ৰাইকাৰ ডুচান ভ্লাহোভিচ। তেওঁৰ বিৰুদ্ধে গ’লৰক্ষক প্ৰেড্ৰাগ ৰাজকোভিচৰ পত্নী আন্নাৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ অভিযোগ উত্থাপিত হৈছে।

লগতে পঢ়ক: FIFA World Cup 2022: বিশ্বকাপ ফুটবলত বৃহৎ অঘটন! ব্ৰাজিলক পৰাস্ত কৰি ইতিহাস গঢ়িলে কেমেৰুনে

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, তেওঁলোক দুয়োজনেই নৈশযাপন কৰিছে। চুইজাৰলেণ্ডৰ খেলখনৰ পূৰ্বে এখন সংবাদমেলত ডুচানে ইতিমধ্যে এই সন্দৰ্ভত তেওঁৰ বক্তৱ্য দাঙি ধৰিছে।

ডুচানে কয়, “মই দুঃখিত যে এনেদৰে সংবাদ মেল আৰম্ভ কৰিব লাগিব। কিন্তু এই বিষয়ে কথা ক’বই লাগিব। কাৰণ মোৰ নামত নিকৃষ্ট কথা প্ৰচাৰ কৰা হৈছে।”

তেওঁ লগতে কয়, “মই সাধাৰণতে এনেধৰণৰ যি শুনো বা দেখো সেই বিষয়ে বেছি গুৰুত্ব নিদিওঁ। দৰাচলতে যিসকলে এইবোৰ লিখে তেওঁলোকৰ আন কোনো কাম নাই। তেওঁলোক হয় হতাশ নতুবা অতি ক্ষুব্ধ হৈ পৰিছে। তথাপি দলৰ বাবে মই মুখ খুলিব লগীয়া হৈছে। এটা কথা মই ক’ব পাৰোঁ যে অতি ঘৃণনীয় কথা লিখা হৈছে। মই ইয়াৰ পৰা মোৰ নাম আঁতৰাব বিচাৰো।”

লগতে পঢ়ক: FIFA World Cup 2022: বিশ্বকাপ ফুটবলত এছিয়াৰ জয়জয়কাৰ! পৰ্তুগালক পৰাস্ত কৰি নকআউটত দক্ষিণ কোৰিয়া

ছাৰ্বিয়াই চুইজাৰলেণ্ডৰ বিৰুদ্ধে জিকিলে বা ড্ৰ’ কৰিলে পৰৱৰ্তী ৰাউণ্ডলৈ যোৱাৰ সুযোগ পাইছিল। কিন্তু শেষত সেইটো নহ’ল। ছাৰ্বিয়া চুইজাৰলেণ্ডৰ হাতত ২-৩ ব্যৱধানত পৰাজিত হয়।