NORTHEAST NOW (Assamese)

কোভিডত ২০জনকৈ লোকৰ মৃত্যু ঘটা বিশ্বনাথ জিলাত ভেণ্টিলেটৰ অবিহনেই চলি আছে চিকিৎসা সেৱা

May 22, 2021 2:03 pm · কাজি জেইদুল ইছলাম
ফটো: নৰ্থইষ্ট নাও।

ক্ৰমাৎ বিশ্বনাথ জিলাত প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা। ইতিমধ্যে সমগ্ৰ জিলা খনত পোন্ধৰশৰ আশে-পাশে আছে কোভিড ৰোগীৰ সংখ্যা।

আনহাতে, এতিয়া পৰ্যন্ত বিশ্বনাথ জিলাত কৰ’নাত আক্ৰান্ত হৈ ২০জনকৈ লোকে  প্ৰাণ হেৰুৱাইছে।

কিন্তু আচৰিত বিষয় এইটোৱে যে দহ লাখতকৈয়ো অধিক লোক বসবাস কৰা এই বিশ্বনাথ জিলাখনত জৰুৰী কালীন সময়ৰ বাবে নাই ভেণ্টিলেটৰৰ বিশেষ ব্যবস্থা।

জৰুৰীকালীন সময়ত বিশ্বনাথ জিলাৰ জনসাধাৰণৰ ভেণ্টিলেটৰ আৰু আই চি ইউৰ প্ৰয়োজন হ’লে প্ৰেৰণ কৰিব লাগে শোণিতপুৰ জিলাত।

এই সমস্ত বিষয় সন্দৰ্ভত বিশ্বনাথ জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক সাংবাদিকে প্ৰশ্ন কৰাত সঞ্চালক গৰাকীয়ে জানিবলৈ দিয়ে যে যোৱা বছৰতে বিশ্বনাথ মহকুমা চিকিৎসালয়ত দুখন বেডত ভেণ্টিলেটৰ ইনষ্টল কৰা হৈছে যদিও অন্যান্য কাৰণত সেই বেড দুখনো কাৰ্যক্ষম কৰিবলৈ সক্ষম হোৱা নাই জিলা স্বাস্থ্য বিভাগে।

এতিয়া প্ৰশ্ন হ’ল মহামাৰী কৰোনাৰ এই সংকটজনক অৱস্থাতো কেবল অক্সিজেন চিলিণ্ডাৰেৰেই চিকিৎসা সেৱা আগবঢ়াই যাব নেকি বিশ্বনাথ জিলা স্বাস্থ্য বিভাগে, নে পূৰ্ণ পৰ্যায়ৰ জিলা এখনত স্বাস্থ্য বিভাগত পৰ্যাপ্ত সুবিধা নথকাৰ বাবেই প্ৰতি দিনে নিজৰ আত্মীয়ক হেৰুৱাব লগিয়া হ’ব বিশ্বনাথবাসী ৰাইজে।

Related News