মহামাৰীৰ ৰুপ ধাৰণ কৰা ক’ৰ’ণা ভাইৰাছৰ ভেকচিন মুকলি কৰা বুলি দাবী কৰা ৰাছিয়াৰ দাবীক সহজ ভাৱে গ্ৰহণ কৰিব পৰা নাই আমেৰিকাকে ধৰি বিশ্ব স্বাস্থ্য সংস্থা আৰু বিশ্বৰ বহু কেইখন দেশে।
ৰাছিয়াই কালি ঘোষণা কৰিছিল যে দেশ খনে স্পুটনিক-ভি নামৰ ক’ৰ’ণা ভাইৰাছৰ ভেকচিন বিধ সাজু কৰি তুলিছে।
কেৱল সেয়াই নহয়, ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ কন্যাৰ দেহত সেই ভেকচিন প্ৰয়োগো কৰা হৈছে।
ৰাছিয়াৰ ভেকচিন আবিষ্কাৰৰ দাবীক পিছে বিশ্বাসত ল’ব পৰা নাই আমেৰিকা আৰু বিশ্ব স্বাস্থ্য সংস্থাই।
ক’ৰ’ণা ভাইৰাছৰ ভেকচিন আবিষ্কাৰৰ বাবে অক্সফোৰ্ড বিশ্ববিদ্যালয়, মডাৰ্ণা,ফাইজাৰ আদিয়ে দিনে-নিশাই চেষ্টা কৰি থকাৰ সময়তে ৰাছিয়াই হঠাতে ভেকচিন মুকলি কৰাৰ কথাই বহুতোকে সন্দিহান কৰি তুলিছে।
আমেৰিকাৰ সংক্ৰামক ৰোগ বিশেষজ্ঞ এন্হনী ফাউচিয়ে ৰাছিয়াৰ দাবী মানি ল’ব পৰা দাবী নহ’য় বুলি মন্তব্য কৰি কয় যে ক’ৰ’ণাৰ ভেকচিনৰ বাবে যিবোৰ প্ৰক্ৰিয়া সমাপণ কৰিব লাগে সেয়া ৰাছিয়াই কৰা নাই।
বিশ্ব স্বাস্থ্য সংস্থায়ো ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰীলৈ লিখা পত্ৰত এই বুলি কৈছে যে স্পুটনিক-ভি ভেকচিনৰ মানৱ দেহত যি পৰিমাণে পৰীক্ষণ হ’ব লাগিছিল সেয়া হোৱা নাই।
ভেকচিন এবিধ নিৰাপদ হয় নে নহয় সেয়া জানিবলৈ কেইবা হাজাৰ লোকৰ দেহত ইয়াৰ পৰীক্ষণ হ’ব লাগে।
যি কাম ৰাছিয়াই কৰা নাই। সেয়ে কেৱল প্ৰথম হোৱাৰ দাবীদাৰ হ’বলৈয়ে ৰাছিয়াই ভেকচিন মুকলি কৰা বুলি বহুতে সন্দেহ প্ৰকাশ কৰিছে।