ৰংঘৰৰ সন্মুখত অচিনাক্ত গাড়ীৰ খুন্দাত আঘাতপ্ৰাপ্ত ব্যক্তিৰ হাস্পাতলত মৃত্যু

Accident-750x375-1-1-1-1140x570

প্ৰতিনিধিত্বমূলক ফটো

যোৱা ১ আগষ্ট বৃহস্পতিবাৰে নিশা প্ৰায় ৭. ৪৫ বজাত এখন অচিনাক্ত বাহনৰ খুন্দাত আঘাত প্ৰাপ্ত হোৱা চিপাহী গাঁৱৰ নিবাসী মৃদুল গগৈ নাম এজন ব্যক্তিৰ শনিবাৰে বিয়লি ডিব্ৰুগড়ত মৃত্যু হয়।

জানিব পৰা মতে মৃত মৃদপল গগৈৰ প্ৰকৃত ঘৰ আমগুৰিৰ। পেচাত পকা মিস্ত্ৰি কৰা মৃদুল গগৈ পৰিয়াল সহ শিৱসাগৰৰ জয়সাগৰস্থিত চিপাহী গাঁৱত ভাড়াতীয়া হিচাপে আছিল।

বৃহস্পতিবাৰে কাম শেষ কৰি শিৱসাগৰ চহৰৰ পৰা ঘৰলৈ উভতি অহাৰ পথত ৰংঘৰৰ সমীপত মৃদুল গগৈৰ চাইকেলত প্ৰচণ্ড জোৰত এখন বগা ৰঙৰ গাড়ীয়ে খুন্দিয়াই থৈ পলায়ন কৰে বুলি জানিবলৈ দিয়ে প্ৰত্যক্ষদৰ্শীয়ে।

লগে লগে তেওঁক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও মূৰত গুৰুতৰভাৱে আঘাত পোৱা গগৈক চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে।

পৰিয়ালৰ লোকে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্চিং হোমত ভৰ্তি কৰে যদিও মৃদুল গগৈৰ স্বাস্থ্যৰ অৱনতি হোৱাত ডিব্ৰুগড় মেডিকেল কলেজত ভৰ্তি কৰে আৰু শনিবাৰে বিয়লি হাস্পাতেলতে তেওঁৰ মৃত্যু হয়।

পৰিয়ালৰ লোকে ঘটনাৰ সন্দৰ্ভত জয়সাগৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰে যদিও বৰ্তমানলৈকে ঘটনা সংঘটিত কৰা গাড়ীখনৰ কোনো শুংসুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই।

অত্যন্ত অমায়িক স্বভাৱৰ ব্যক্তি মৃদুল গগৈৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

স্থানীয় ৰাইজে শীঘ্ৰে দোষীক কৰায়ত্ত কৰিবলৈ দাবী জনাইছে আৰক্ষী প্ৰশাসনক।

মৃত্যুৰ সময়ত  তেওঁ পত্নী, এজন পুত্ৰ আৰু এগৰাকী কন্যাক ইহ সংসাৰত এৰি থৈ গৈছে।