NORTHEAST NOW (Assamese)

স্বাস্থ্যমন্ত্ৰীৰ উপস্থিতিৰ মাজতে গোলাঘাটৰ এটা পুতৌজনক ঘটনাই উদঙালে স্বাস্থ্য বিভাগৰ নগ্ন স্বৰূপ

June 22, 2021 7:34 pm · মীনাক্ষী ফুকন
Updated: June 22, 2021 7:35 pm
ফটো: নর্থইষ্ট নাও।

‘’ঠেলাত লৈ নহা হ’লে মৰি গ’লহেঁতেন এই। আমাৰটো আৰু একো সুবিধা নাই। মোৰ খুনৰ সম্পৰ্ক আছে। মোৰ বাই হ’য়। ১০৮ সেৱা আমাৰ দৰে দুখীয়াৰ বাবে নাহে। ধনী মানুহৰ চৰকাৰে আমাৰ কথা কি চিন্তা কৰিব। ঢেৰ কথা সোধে ১০৮ য়ে। ফ’ন কৰিছিলোঁ। লকডাউনৰ বাবে যাব নোৱাৰে বুলি ক’লে। ১৬০ টকা হাজিৰা পোৱা আমি সাধাৰণ মানুহ।‘’

এনে আৱেগিক মন্তব্য গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা গোলাঘাট পদুমনি অঞ্চলৰ নিৰ্মলা নায়ক নামৰ মহিলা গৰাকীৰ ভাতৃৰ।

হ’য়। গোলাঘাটত আজি দেখা গ’ল স্বাস্থ্য বিভাগৰ এক নগ্নস্বৰূপ।

ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গোলাঘাট ভ্ৰমণৰ এই সময়চোৱাতে গোলাঘাটত সংঘটিত হ’ল স্বাস্থ্য বিভাগৰ উন্নয়নৰ ঢাক-ঢোল বজোৱা চৰকাৰৰ এনে লজ্জাজনক ঘটনা।

এখন ঠেলাগাড়ীত কঢ়িয়াই আনিলে এগৰাকী গুৰুতৰভাৱে আঘাত প্ৰাপ্ত মহিলাক।

জানিব পৰা মতে, গোলাঘাট পদুমনিৰ নিৰ্মলা নায়ক নামৰ মহিলাগৰাকীক পাৰিবাৰিক কন্দলৰ বাবেই স্বামী মেঘা নায়কে মৰিয়াই গুৰুতৰভাৱে আহত কৰে।

উল্লেখ্য যে , ঘটনাৰ পিছতেই আত্মীয়ই মহিলাগৰাকীক চিকিৎসালয়লৈ নিবৰ বাবে ১০৮ লৈ ফ’ন কৰিছিল যদিও লকডাউনৰ কথা কৈ ১০৮ৰ গাড়ী আহিব নোৱাৰে বুলি কোৱাত মহিলাগৰাকীৰ ভাতৃয়ে এখন ঠেলাত উঠাই আহত মহিলাগৰাকীক গোলাঘাটৰ চিকিৎসালয়লৈ প্ৰায় ৭ কিল’মিটাৰ বাট লৈ আনে।

তাৰপিছতেই গোলাঘাটৰ মিচন তিনিআলিৰ পৰা সেই স্থানত ৰৈ থকা এখন  টাটা এচিত উঠাই চিকিৎসালয়ত ভৰ্ত্তি কৰায়।

স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত অতিকৈ সক্ৰিয় ভূমিকা গ্ৰহণ কৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰক ‘বুঢ়া আঙুলি’ দেখুৱালে গোলাঘাট স্বাস্থ্য বিভাগৰ ১০৮ সেৱাই। অৰ্থাৎ মানুহৰ সেৱাৰ অৰ্থে থকা ১০৮ নহাৰ বাবেই এগৰাকী গুৰুতৰভাৱে আহত মহিলাক  ঠেলাত উঠাই চিকিৎসালয় আনিব লগা হ’ল।

উন্নয়নৰ শ্ল’গানক ধোৱা চাঙত তুলি অতি পুতৌজনক এই  ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে গোলাঘাটৰ সচেতন মহলত।

Related News