NORTHEAST NOW (Assamese)

চৰকাৰী কৰ্মচাৰীৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য হৈছে মানৱ সেৱা : নগাঁও জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু

September 17, 2018 7:57 pm · মিণ্টু দাস
ফটো : নৰ্থ-ইষ্ট নাও

নগাঁও জিলাৰ ৰহাৰ সমীপৰ চাপৰমুখস্থিত বি বি হানচুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সোমবাৰে জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু বাৰপূজীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত এটি বৃহৎ স্বাস্থ্য মেলা অনুষ্ঠিত হয় ৷

নগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অতুল চন্দ্ৰ পাটৰৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সমাৱেশখনৰ উদ্ধোধনী সভাৰ পূৰ্বে আজি ৰাতিপুৱা ৯ বজাত স্বাস্থ্য সমাৱেশখন শুভ উদ্বোধন কৰে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে।

সমাৱেশখন উদ্বোধন কৰি উপায়ুক্ত গৰাকীয়ে নিজৰ ভাষণত সকলো চৰকাৰী কৰ্মচাৰীকে মানৱ সেৱাক আগস্থান দি কৰ্তব্য কৰি যাবলৈ আহ্বান জনায় ৷

স্বাস্থ্য মেলাখনিত বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা সহস্ৰাধিক ৰোগীক  চিকিৎসা সেৱা প্ৰদান কৰা হয়। ৰোগীসকলক বিনামূলীয়া ঔষধ, ৰোগ পৰীক্ষা কৰাৰ লগতে ছাত্ৰীসকলৰ মাজত ন্যূনতম মূল্যত নেপকিন যোগান ধৰা হয়।

উদ্ধোধনী সভাখন আঁ‌ত ধৰে বিপিএম মকিবুল হুছেইন আৰু এবিপিএম চাৰুমনি বৰদলৈয়ে।

আনহাতে আজিৰ এই সমাৱেশত জিলা অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰা, জিলা টিকাকৰণ বিষয়া ডাঃ  জয়ন্ত কুমাৰ দাস, ৰহা চক্ৰ বিষয়া পল্লৱী কছাৰী, মহকুমা স্বাস্থ্য বিষয়া ডাঃ  লক্ষীধৰ দাস, বিদ্যালয়ৰ অধ্যক্ষা জয়ন্তী কোঁৱৰ, জ্যেষ্ঠ চিকিৎসক ডাঃ দিলীপ শৰ্মা, ৰঞ্জন গোস্বামী, এন এইচ এমৰ জিলা আঁচনি বিষয়া শেখৰজ্যোতি হাজৰিকা, জিলা মিডিয়া এক্সপাৰ্ট  ছৈয়দ ৰাহট টেনজিন আদিৰ লগতে চিকিৎসক-চিকিৎসা কৰ্মী, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে৷

Related News