অসম চৰকাৰৰ ‘জনতাৰ চৰকাৰ My Gov Assam’ৰ উদ্যোগত আজি নগাঁও জিলাৰ বটদ্ৰবা সমষ্টিৰ অন্তৰ্গত কাকমাৰি গাঁও পঞ্চায়তত ‘সেউজ গাঁও-স্বচ্ছ গাঁও’ শীৰ্ষক এখন সজাগতা সভা অনুষ্ঠিত হয়।
কাকমাৰি পঞ্চায়তৰ অধীনৰ কাকমাৰি গাঁৱত এই উপলক্ষে দেওবাৰে অনুষ্ঠিত হোৱা সভাত অসম চৰকাৰৰ বন আৰু পৰিবেশ বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ চন্দ্ৰকান্ত বসুমতাৰীয়ে অংশগ্ৰহণ কৰি কয়, ‘গছ-গছনি থাকিলেহে আমি সকলো জীয়াই থাকিম’। এখন সুস্থ আৰু নিৰোগী সমাজ গঢ়ি তোলাৰ বাবে সকলোৱে নিজৰ ঘৰখনৰ দৰে গাঁওখনৰ চৌপাশ পৰিস্কাৰ-পৰিচন্ন কৰি ৰাখিব লাগিব বুলি তেওঁ মন্তব্য কৰে।
সভাত অংশগ্ৰহণ কৰি নগাঁৱৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয়, ‘আমি সকলোৱে ভবিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰতিটো অঞ্চল সেউজ আৰু পৰিস্কাৰ কৰি ৰাখিব লাগিব। ইয়াৰ বাবে সকলোকে তেওঁ অধিক গছপুলি ৰুবলৈ আহ্বান জনায়। তদুপৰি কাকমাৰিবাসীয়ে স্বচ্ছতাৰ ক্ষেত্ৰত লোৱা প্ৰদক্ষেপৰ তেওঁ শলাগ লয়।
সভাত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ কন্দৰ্প কুমাৰ ডেকা, নগাঁও জিলা জনসংযোগ বিষয়া সমৰ কলিতা, জনস্বাস্থ্য কাৰিকৰী বিভাগ, জনতাৰ চৰকাৰৰ বিষয়া কৰ্মচাৰী আৰু স্থানীয় পঞ্চায়ত প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।