NORTHEAST NOW (Assamese)

টীয়কত বাট-পথৰ শোচনীয় ৰূপ, পিঠি দিছে জনপ্ৰতিনিধিয়ে

October 27, 2020 2:44 pm · নিৰ্মলানেন্দু পাঠক

বিগত নিৰ্বাচনত কংগ্ৰেছৰ দিনত বিকাশ নোহোৱা বুলি অভিযোগ অনা বিজেপি চৰকাৰৰ দিনত  প্ৰকৃত উন্নয়নৰ ছবি উদঙাই দিছে যোৰহাট জিলাৰ টীয়কৰ অধিকাংশ বাট-পথে।

টীয়ক নগৰৰ গাতে লাগি থকা টীয়ক-চিৰাম মিচিং গাঁৱৰ মূল পথটো  বৰ্তমান পথাৰলৈ ৰূপান্তৰিত হৈছে ।

পৰিৱৰ্তনৰ আশাত ৰাইজ এতিয়া গৃহবন্দী হোৱাৰ বাহিৰে অন্য পথ নোহোৱা হৈছে কদৰ্য্য বাট-পথৰ বাবে।

আগন্তুক বিধানসভা নিৰ্বাচনত হিতাধিকাৰীৰ মাজত মায়াজাল সৃষ্টিৰে ভোটাৰক আকৰ্ষণ কৰাত ব্যস্ত থকা সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে বাট-পথৰ জৰাজীৰ্ণ অৱস্থাৰ প্ৰতি প্ৰায় পিঠি দিয়া দেখা গৈছে।

উল্লেখযোগ্য যে, বৰ্তমান সময়ত বৰষুণৰ বাবে টীয়ক-চিৰিম সংযোগী পথছোৱাত গাড়ী, মটৰ চলোৱা দূৰৰ কথা মানুহ খোজকাঢ়ি অহাটো কঠিন হৈ পৰিছে।

স্থানীয় গাঁৱবাসীয়ে বিভাগীয় প্ৰতিনিধিক শীঘ্ৰে কদৰ্য্য পথছোৱা মেৰামতি কৰি যাতায়তৰ উপযোগী কৰি তোলাৰ বাবে আহ্বান জনাইছে।

Related News