Seven burnt alive: চলন্ত অটোত অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৭ জন যাত্ৰীৰ, আহত আন কেইবাজনো

Seven burnt alive চলন্ত অটোত জুই লাগি সাতজন যাত্ৰীৰ মৃত্যু ঘটিছে। আহত হৈছে আন পাঁচ-ছয়জন যাত্ৰী। আহতসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগনমোহন ৰেড্ডীয়ে মৃতকৰ পৰিয়াললৈ ১০ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে।

বৃহস্পতিবাৰে পুৱাই কেইবাজনো মহিলা শ্ৰমিক এখন অটোত উঠি আহিছিল। অন্ধ্ৰ প্ৰদেশৰ সত্যচাই জিলাৰ তাদিমাৰী মণ্ডলৰ চিলাক্কোন্দয়া পল্লী অঞ্চলৰ মাজেৰে অটোখন পাৰ হৈ যোৱাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়।

সেই সময়ত অটোখনৰ ওপৰত এডাল উচ্চ ক্ষমতাসম্পন্ন তাঁৰ ছিঙি পৰে। অটোখনত লগে লগে জুই লাগি যায়। অটোখনৰ যাত্ৰীসকলৰ গাতো জুই লাগে। তেওঁলোকে যন্ত্ৰণাত চিঞৰি থাকে।

হঠাতে চকুৰ সন্মুখত এনে ঘটনা দেখি পথচাৰীসকল হতবাক হৈ পৰে। ঘটনাত অতি গুৰুতৰভাৱে আহত কমেও ১০-১২ জন যাত্ৰীক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসালয়ত সাতগৰাকী মহিলাৰ মৃত্যু হয়।

মৃত মহিলাকেইগৰাকী ভিতৰত আছে ৩২ বছৰীয়া কান্তাম্মা, ৩৬ বছৰীয়া কুমাৰী, ত্ৰিশ বছৰীয়া লক্ষ্মী, ৩৫ বছৰীয়া ৰামুলাম্মা আৰু ৩৪ বছৰীয়া ৰত্নম্মা। তেওঁলোক আটাইকেইজন তাদিমাৰীৰ শ্ৰী সত্যচাই জিলাৰ বাসিন্দা। বাকী সকলৰ শাৰীৰিক অৱস্থাও অতি সংকটজনক। সকলোৱে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

এই ঘটনাই ৰাজ্যজুৰি শোকৰ ছাঁ পেলাইছে। অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগনমোহন ৰেড্ডীয়ে শোক প্ৰকাশ কৰিছে। তেওঁ মৃতকৰ পৰিয়ালৰ প্ৰতিটো পৰিয়ালৰ বাবে ১০ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰে।