NORTHEAST NOW (Assamese)

বৃহস্পতিবাৰে সাতগৰাকী বন্দীক বঙাইগাঁও ডিটেনশ্যন কেম্পৰ পৰা মুকলি

November 21, 2019 9:15 pm · এন ই নাও নিউজ
ডিটেনশ্যন কেম্প

চলিত বৰ্ষৰ মে’ মাহত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি বঙাইগাঁও ডিটেনশ্যন কেম্পৰ পৰা বৃহস্পতিবাৰে সাত গৰাকী বন্দীক মুকলি কৰি দিয়া হয়।

মুকলি কৰি দিয়া ব্যক্তি কেইগৰাকী হ’ল ক্ৰমে- নিবাৰণ বৰ্মন(৬০), আৰিছুদ্দিন(৬০), জালালুদ্দিন(৫০), চাৰি শ্বেইখ(৬৬), মানিকজান বিবি(৫৪), আজবাহাৰ আলী(৫৫) আৰু আলি আকবৰ(৫৫)।

বৃহস্পতিবাৰে কেম্পৰ পৰা মুকলি কৰি দিয়া ব্যক্তি সকলে ডিটেনশ্যন কেম্পত তিনিবছৰতকৈ অধিক কাল কটাইছে আৰু প্ৰত্যেককে এক লাখ টকা আৰু দুগৰাকী স্থানীয় ব্যক্তিৰ জমানতত মুকলি কৰি দিয়া হয়।

চৰকাৰী তথ্য মতে, অসমৰ বিভিন্ন ডিটেনশ্যন কেম্পত মুঠ ১০৪৩ গৰাকী বিদেশী আছে ইয়াৰ ভিতৰত ১০২৫ গৰাকী বাংলাদেশৰ পৰা আৰু ২৫ গৰাকী ম্যানমাৰৰ পৰা অহা।

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে চলিত বৰ্ষৰ মে’ মাহত ডিটেনশ্যন কেম্পত তিনিবছৰ সম্পূৰ্ণ কৰা বন্দী সকলক নিৰ্দিষ্ট চৰ্তৰ বিনিময়ত মুকলি কৰি দিবলৈ নিৰ্দেশ দিছিল।

ন্যায়ালয়ে মুকলি কৰি দিবলগীয়া বন্দী সকলক স্থানীয় জমানত আৰু এক লাখ টকাকৈ আদায় দিব কোৱাৰ লগতে কৰ্তৃপক্ষক তেওঁলোকৰ বায়োমেট্ৰিক সংগ্ৰহ কৰি সুৰক্ষিত ডাটাবেচত ৰাখিবলৈ নিৰ্দেশ দিছিল।

তাৰোপৰি তেওঁলোকে ডিটেনশ্যন কেম্পৰ পৰা মুকলি কৰি দিয়া লোকসকলে সপ্তাহত এবাৰকৈ আৰক্ষী থানাত খবৰ কৰিব লাগিব বুলিও ন্যায়ালয়ে নিৰ্দেশ দিছিল।

বৃহস্পতিবাৰে মুকলি কৰি দিয়া বন্দী সকলক মানৱ অধিকাৰ কৰ্মী হৰ্ষ মণ্ডৰৰ আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে মুকলি কৰি দিবলৈ কয়।

 

Related News