শ্বৰ্ট চাৰ্কিটৰ ফলত বিধ্বংসী অগ্নিকাণ্ড, শুই থকা অৱস্থাতে অগ্নিদগ্ধ হৈ মৃত্যু এটা পৰিয়ালৰে ৭ জনৰ

ফটোঃ সংগ্ৰহীত।

পুৱতি নিশাই ভয়ংকৰ অগ্নিকাণ্ড। শ্বৰ্ট চাৰ্কিটৰ ফলত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। শুই থকা অৱস্থাতে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে এটা পৰিয়ালৰে ৭ জন সদস্য। মৃতসকলৰ ভিতৰত দুটি শিশুও আছে।

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি মহাৰাষ্ট্ৰৰ মুম্বাইত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা। চেম্বুৰৰ সিদ্ধাৰ্থ কলনী অঞ্চলত পুৱা প্ৰায় ৫ বজাত তিনি মহলীয়া ঘৰত অগ্নিকাণ্ডটো সংঘটিত হয়।

লগতে পঢ়কঃ নুমলীগড়ৰ দেওপাহাৰ অঞ্চলত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত দুই অভিযন্তাকে ধৰি ৩ জন

আৰক্ষীৰ মতে, ঘৰৰ প্ৰথম মহলাত এখন ইলেকট্ৰনিক সামগ্ৰীৰ দোকান আছিল। তাতেই প্ৰথমে শ্বৰ্ট চাৰ্কিটৰ পৰা জুই আৰম্ভ হয়। তাৰ পাছত লাহে লাহে গোটেই ঘৰখনতে জুই বিয়পি পৰে।

আনহাতে, ঘৰৰ তৃতীয় মহলাত পৰিয়ালৰ লোকসকল বাস কৰা বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে। তেওঁলোক শুই আছিল। অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতো কোনোৱে পলাই যাব পৰা নাছিল। ঘৰটোত আবদ্ধ হৈ পৰে পৰিয়ালটোৰ সাতজন সদস্য। তাতেই তেওঁলোকৰ মৃত্যু হয়।

লগতে পঢ়কঃ অসম সন্মিলিত মৰ্চা কৰা হ’ল অসমৰ বিৰোধী মঞ্চৰ নাম; ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলাৰ প্ৰস্তুতি!

ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায়। মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ঘটনাৰ তদন্ত অব্যাহত আছে।