NORTHEAST NOW (Assamese)

অৰুণাচল বিজেপিত বৃহৎ খহনীয়া নিশ্চিত; এন পি পিত যোগদানৰ বাবে তাজ ভিভাণ্টাত বাহৰ ৭জন মন্ত্ৰী-বিধায়কৰ

March 18, 2019 11:08 pm · অনিৰ্বাণ পাঠক
Updated: March 18, 2019 11:11 pm
আজি বিজেপি ত্যাগ কৰা ৰাজ্যিক সাধাৰণ সম্পাদক জাৰপাম গামলিন। ফাইল ফটো।

লোকসভা আৰু বিধান সভা নিৰ্বাচনৰ ক্ষণ গণণা আৰম্ভ হোৱাৰ সময়তে সোমবাৰে নিশাৰ ভিতৰতেই অৰুণাচল প্ৰদেশ বিজেপিত বৃহৎ খহনীয়া নিশ্চিত হৈ পৰিছে। দলটোৰ সাধাৰণ সম্পাদক জাৰপাম গামলিনৰ দলত্যাগৰ পাছতেই আজি বিজেপি আন এটা বিপৰ্য্যয়ৰ সন্মুখীন হ’বলৈ ওলাইছে।

শেহতীয়া খবৰমতে ইতিমধ্যে জাৰপাম গামলিনসহ অৰুণাচল প্ৰদেশৰ সাতজন বিজেপি মন্ত্ৰী আৰু বিধায়কে আহি গুৱাহাটীৰ হোটেল তাজ ভিভাণ্টাত বাহৰ পাতিছে। আজি নিশাই আটাইকেইজনে কনৰাড চাংমা নেতৃত্বাধীন নেশ্যনেল পীপ’লছ পাৰ্টিত যোগদান কৰিব।

ইতিমধ্যে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাও তুৰাৰ পৰা আহি বৰ্তমান বাহৰ পাতিছেহি তাজ ভিভাণ্টাত। চাংমাৰ সৈতে অৰুণাচল প্ৰদেশৰ মন্ত্ৰী-বিধায়ককেইজনৰ বৈঠক চলি থকা বুলি জানিব পৰা গৈছে।

এটা বিশেষ সূত্ৰৰ পৰা নৰ্থ-ইষ্ট নাৱে লাভ কৰা তথ্য অনুসৰি জাৰপাম গামলিনৰ উপৰি আজি এন পি পিত যোগ দিব লগীয়া দলটোত আছে ৰাজ্যখনৰ গৃহ মন্ত্ৰী কুমাৰ ৱাই, পৰ্যটন মন্ত্ৰী জাৰকাৰ গামলিন আৰু আন পাঁচজন বিধায়ক।

উল্লেখযোগ্য যে অহা ১১ এপ্ৰিলত অনুষ্ঠিত হ’ব লগীয়া বিধানসভা নিৰ্বাচনৰ বাবে দলে প্ৰকাশ কৰা প্ৰাৰ্থী তালিকাত নিজৰ নাম নেদেখাৰ পিছত আজি বিজেপি পৰা পদত্যাগ কৰিছে সাধাৰণ সম্পাদক জাৰপাম গামলিনে। আগন্তুক অৰুণাচল বিধান সভা নিৰ্বাচনত ৰাজ্যখনৰ লিৰোমবা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থিত্ব আশা কৰি আছিল গামলিনে।

বিজেপিয়ে বিশেষকৈ মন্ত্ৰী হিমন্ত বিশ্বৰ কৌশলত ভেজা দি সমগ্ৰ উত্তৰ-পূবতে বিজয়ধ্বজা উৰুওৱাৰ পৰিকল্পনা লৈ থকাৰ সময়তে দলটোৰ এই খহনীয়া মন কৰিব লগীয়া। এন পি পি নেডাৰ অংশীদাৰ দল হ’লেও নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপিৰ মন্ত্ৰী-বিধায়কে ৰাষ্ট্ৰীয় দলটো ত্যাগ কৰি চিন্তাত পেলাইছে নেতৃত্বক।

মন কৰিব লগীয়া কথাটো হ’ল মন্ত্ৰী হিমন্তৰ মন্ত্ৰণাত অৰুণাচলৰ প্ৰদেশৰ নিৰ্বাচিত কংগ্ৰেছ চৰকাৰখন আজি প্ৰায় দুবছৰ পূৰ্বে ভংগ হৈ বিজেপিৰ চৰকাৰত পৰিণত হৈছিল। তাজ ভিভাণ্টাতে তেতিয়াৰ কেইবাজনো মন্ত্ৰী-বিধায়কে আজিৰ দৰেই বাহৰ পাতিছিল আৰু হিমন্তৰ সৈতে মন্ত্ৰণাত বহিছিল।

 

Related News