NORTHEAST NOW (Assamese)

অসমত আৰু সাত ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৩৫২লৈ বৃদ্ধি

September 5, 2020 10:21 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

আৰু সাতগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, শনিবাৰলৈকে মৃতকৰ সংখ্যা ৩৫২লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— কামৰূপ মহানগৰৰ ৰাজেন কাকতি (৮০), চৰাইদেউৰ প্ৰফুল্ল বৰা (৬৫), শিৱসাগৰৰ চিনাৰাম চেতিয়া (৫৪), হাইলাকান্দিৰ ফাইজুল ইছলাম লস্কৰ (৬২), যোৰহাটৰ দেৱযানি নেওগ (৭০) আৰু দৰঙৰ বাদল চন্দ্ৰ ৰয় (৬৩) আৰু ৰোস্তম আলি (৬৩)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

শুকুৰবাৰলৈকে অসমত ৩৪৫গৰাকী ব্যক্তিয়ে ক’ভিডত প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ৯২,৭১৭গৰাকী ব্যক্তিয়ে শুকুৰবাৰলৈকে অসমত ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত শুকুৰবাৰে সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা আছিল ২৮,১৫৯গৰাকী।

মুঠ ১,২১,২২৪গৰাকী ব্যক্তি অসমত শুকুৰবাৰলৈকে ক’ভিড পজিটিভ চিনাক্ত হৈছিল।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News