NORTHEAST NOW (Assamese)

শিৱসাগৰত নতুনকৈ সাতজন ক’ৰ’না পজিটিভ; শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি আক্ৰান্তক

June 1, 2020 2:25 pm · পাৰ্শ্বজ্যোতি গগৈ

ৰাজ্যত কোভিড১৯ পজিটিভৰ সংখ্যা দিনে দিনে বৃদ্ধি পাব ধৰিছে।

আজি সোমাবৰৰ এই মুহূৰ্তলৈকে ৰাজ্যত ১৩৮৪ গৰাকী কোভিড১৯ পজিটিভ পোৱা গৈছে।

দেওবাৰে শিৱসাগৰ জিলাৰ ৭ জন ব্যক্তিৰ দেহত ক’ৰ’না পজিটিভ পোৱা গৈছে। এই কথা টুইটাৰ যোগে প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰে পাঁচজন ব্যক্তি শিমলুগুৰি, চণ্টক আৰু গেলেকীৰ বুলি জানিব পৰা গৈছে।

আটাইকেইজন ব্যক্তি নাজিৰা গড়গাঁৱৰ কোৱাৰেন্টাইন চেন্টাৰত আছিল।

আনহাতে এজন আমগুৰি আৰু এজন সাপেখাটী কোৱাৰেন্টাইন চেন্টাৰত থকা বুলি জানিব পৰা গৈছে।

নাজিৰা কোৱাৰেন্টাইন চেন্টাৰত থকা ব্যক্তিকেইজন চেন্নাই পৰা অসমলৈ ২৭ মে’ত আহিছিল।

আটাইকেইজন ব্যক্তিৰ নমুনা সংগ্ৰহ কৰা হৈছিল ২৭ মে’ত।

আজি ডিব্ৰুগড়ৰ লহোৱালস্থিত আইচিএমআৰ পৰা অহা ৰিজাল্টত শিৱসাগৰৰ সাতজন ব্যক্তিৰ দেহত কোভিড১৯ পজিটিভ ধৰা পৰে।

ইতিমধ্যে আটাইকেইজন ব্যক্তিকে উন্নত চিকিৎসাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

Related News