Landslide in Meghalaya: মেঘালয়ৰ মৌচিনৰামত ভূমিস্খলনত ৭ জন লোক নিহত

ফাইল ফটো।

মেঘালয়ৰ মৌচিনৰামত শুকুৰবাৰে একাধিক ভূমিস্খলনৰ (landslide) ঘটনাত এটি নৱজাতকসহ কমেও সাতজন লোকৰ মৃত্যু হৈছে।

নিহত ব্যক্তিসকলৰ ভিতৰত পাঁচজন ডাংগাৰৰ, এজন বেটকোৰা-ৰ আৰু এজন ৰিংকিউৰ।

নেৰানেপেৰা বৰষুণৰ বাবে হোৱা ভূমিস্খলনৰ ফলত তেওঁলোকৰ ঘৰ বোৰ খহি পৰাত লোককেইজনৰ মৃত্যু হয়।

লগতে পঢ়ক: তামুলপুৰৰ কচুবাৰীত অঘটন! পানীত পৰি সন্ধানহীন ১৬ বছৰীয়া কিশোৰ

বাতৰি অনুসৰি, কেনমিনচাওৰ আৰু দুজন লোক এতিয়াও সন্ধানহীন হৈ আছে আৰু তেওঁলোকক ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে।

ৰাজ্যখনৰ শীৰ্ষ বিষয়াসকল ততাতয়াকৈ গৈ ঘটনাস্থলীত উপস্থিত হয়।

বৃহস্পতিবাৰে পূব খাচী পাহাৰ জিলাৰ মাওফলাঙৰ লাইটলাৰেম গাঁৱত সংঘটিত ভূমিস্খলনত চাৰিজন নাবালক নিহত আৰু দুজন আহত হৈছিল।

লগতে পঢ়ক: বক্সাৰ লাভলীনা বৰগোহাঁইয়ে বিচাৰিলে বিবাহ বিচ্ছেদ; পাৰিবাৰিক আদালতত আবেদন

পূব খাচী পাহাৰ জিলাত ভূমিস্খলনৰ ফলত কেইবাটাও পথ ক্ষতিগ্ৰস্ত হৈ পৰিছে।