আতচবাজীৰ শব্দ সহ্য কৰিব নোৱাৰে চৰাইয়ে; নীৰৱে দীপাৱলী পালন কৰিছে ৭খন গাঁৱৰ বাসিন্দাই

প্ৰতিনিধিত্বমূলক ফটো।

দীপাৱলী মানে পোহৰৰ উৎসৱ। যদিও এতিয়া দীপাৱলী পোহৰৰ উৎসৱৰ লগতে আতচবাজীৰ উৎসৱত পৰিণত হৈছে। আতচবাজী জ্বলালে যেনেকৈ বায়ু প্ৰদূষণ হয়, তেনেদৰেই ইয়াৰ শব্দই শিশু, বৃদ্ধ, অসুস্থ লোকৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলায়। আনকি জীৱ-জন্তু-চৰাইবোৰো আতচবাজীৰ শব্দত আতংকিত হয়।

আতচবাজীৰ শব্দই জীৱ-জন্তুৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলায়। সেয়ে,  এই ৭ খন গাঁৱৰ ৯০০ৰো অধিক পৰিয়ালে জীৱ-জন্তু আৰু চৰাইৰ কথা ভাবি নীৰৱ দীপাৱলী উদযাপন কৰিছে। আতচবাজী নহয়, কেবল পোহৰৰ উৎসৱহে পালন কৰিছে।  বৰ্তমানৰ কোলাহলপূৰ্ণ পৰিৱেশতো শান্তিপূৰ্ণ দীপাৱলীৰ সাক্ষী হৈছে তামিলনাডুৰ ইৰোড জিলা।

তামিলনাডুৰ ইৰোড জিলাত আছে এখন বিখ্যাত পক্ষী অভয়াৰণ্য। অক্টোবৰৰ পৰা জানুৱাৰীলৈকে তাত বহু স্থানীয় আৰু বিদেশী চৰাই আহি গোট খায়। চৰাইবোৰে অক্টোবৰ মাহত কণী পাৰে আৰু কণী ফুটি পোৱালিবোৰ অলপ ডাঙৰ হ’লে জানুৱাৰী মাহত ইহঁতক লগত লৈ উৰি যায়।

লগতে পঢ়কঃ ICC World Cup 2023: অপ্ৰতিৰোধ্য ভাৰত! দুটাকৈ শতকৰ পাছত বিৰাট-ৰোহিতৰ বলিং; বিশ্বকাপত নেদাৰলেণ্ডক পৰাস্ত কৰি ৯/৯ টীম ইণ্ডিয়াৰ

চৰাইবোৰে সাধাৰণতে নিস্তব্ধ, শব্দমুক্ত পৰিৱেশ পছন্দ কৰে। য’ত যুৱক-যুৱতীসকলে কাণ ফালি পেলোৱা শব্দত অস্থিৰ হৈ পৰে, তাত সৰু সৰু চৰাইবোৰে সেই শব্দ কেনেকৈ সহ্য কৰিব! এই কথা বিবেচনা কৰি ইৰোড জিলাৰ পক্ষী অভয়াৰণ্যৰ গাতে লাগি থকা ৭ খন গাঁৱৰ বাসিন্দাসকলে নীৰৱে দীপাৱলী পালন কৰাৰ সিদ্ধান্ত লৈছে।

ইৰোড পক্ষী অভয়াৰণ্যৰ গাতে লাগি থকা চেল্লাপ্পাম্পলায়ম, বাদামুগাম ভেল্লোৰ, ছেম্মাণ্ডম্পলায়ম, কৰুক্কাংকট্টু ৱালাছু, পুংগাম্পাডি আৰু ২ খন গাঁৱে নিৰৱে দীপাৱলী পালন কৰি আহিছে। অৰ্থাৎ এই আটাইকেইখন গাঁৱৰ বাসিন্দাই চাকি জ্বলাই শব্দহীন আতচবাজী জ্বলাই দীপাৱলী উদযাপন কৰে।

চেল্লাপপালাম গাঁৱৰ এজন বৃদ্ধ বাসিন্দাই কয়, “আমি ল’ৰা-ছোৱালীৰ বাবে নতুন কাপোৰ কিনি আৰু শব্দ নোহোৱাকৈ চাকি জ্বলাই নিজৰ ধৰণেৰে দীপাৱলী উদযাপন কৰো।” এইবাৰেই প্ৰথম নহয়, বিগত ২২ বছৰে তেওঁলোকে এনেদৰে দীপাৱলী উদযাপন কৰি আহিছে।

লগতে পঢ়কঃ বিৰাটনামা! এদিনীয়া বিশ্বকাপত কোহলিৰ প্ৰথমটো উইকেট; গেলেৰীত উদযাপন পত্নী অনুষ্কাৰ

বৰ্তমানযুগ সলনি হ’লেও, শিশু-যুৱক-যুৱতীৰ মানসিকতা সলনি হ’লেও কিন্তু ইয়াত দীপাৱলী উৎসৱ পালনৰ প্ৰথা সলনি হোৱা নাই। যিটো বৰ্তমান সময়ত বিশেষভাৱে শিক্ষণীয়।