পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাত ৰক্তাক্ত হৈছে পাকিস্তান। এইবাৰ সন্ত্ৰাসবাদীৰ লক্ষ্য আছিল কৰাচীৰ আৰক্ষী কাৰ্যালয়। বাতৰি অনুসৰি, শুকুৰবাৰে নিশা উগ্ৰপন্থীৰ এটা দলে কৰাচী আৰক্ষী প্ৰধানৰ কাৰ্যালয়ত আক্ৰমণ কৰে। কৰাচীৰ চৰিয়া ফাইজালত অৱস্থিত আৰক্ষী কাৰ্যালয়ত হোৱা আক্ৰমণত তিনিজন উগ্ৰপন্থী জড়িত আছিল। অৱশ্যে, আৰক্ষীয়েও আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়ে।
আৰক্ষীৰ গুলীবৰ্ষণত কেইবাজনো উগ্ৰপন্থী নিহত হয়। ঘটনাটোত কমেও ৭জন লোকে প্ৰাণ হেৰুৱাইছে। মৃতসকলৰ ভিতৰত পাঁচজন উগ্ৰপন্থী আৰু কমেও এজন আৰক্ষী আছে। এই ঘটনাত দহজন লোক আহত হৈছে। তেহৰিক-ই-তালিবান গোটে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে।
পাকিস্তানী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, শুকুৰবাৰে স্থানীয় সময় অনুসৰি সন্ধিয়া প্ৰায় ৭:১০ বজাত উগ্ৰপন্থীসকলে কৰাচীৰ শীৰ্ষ আৰক্ষী বিষয়াৰ কাৰ্যালয়ত প্ৰৱেশ কৰে আৰু নিৰ্বিচাৰে গুলীবৰ্ষণ আৰম্ভ কৰে। আৰক্ষীয়েও তাৰ প্ৰত্যুত্তৰ দিয়ে। প্ৰথমতে এই আক্ৰমণত ৮ ৰ পৰা ১০ জন উগ্ৰপন্থী জড়িত আছিল বুলি ধাৰণা কৰা হৈছিল যদিও আনুষ্ঠানিকভাৱে খবৰ পোৱা গৈছে যে পাঁচজন উগ্ৰপন্থীয়ে এই আক্ৰমণ চলাইছিল। সেই আটাইকেইজন নিহত হৈছে।
কৰাচী আৰক্ষীৰ মুৰব্বী জাভেদ ওধোৱে ঘটনাটোৰ বিষয়ে টুইট কৰি জনাইছে। জানিব পৰা গৈছে যে সন্ত্ৰাসবাদীসকলে প্ৰথমে এটা হেণ্ড গ্ৰেনেড নিক্ষেপ কৰিছিল। তাৰ পিছত তেওঁলোকে চাৰিমহলীয়া আৰক্ষী কাৰ্যালয়ত প্ৰৱেশ কৰে আৰু গুলীবৰ্ষণ আৰম্ভ কৰে। পিছত উগ্ৰপন্থী আৰু অৰ্ধসামৰিক ৰেঞ্জাৰ আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ আৰম্ভ হয়।
বাতৰি অনুসৰি, আক্ৰমণৰ সময়ত কেইবাজনো আৰক্ষী বিষয়া উপস্থিত আছিল। অৱশ্যে, ঘটনাটোত কোনো শীৰ্ষ বিষয়া আঘাতপ্ৰাপ্ত বা নিহত হোৱাৰ কোনো খবৰ পোৱা হোৱা নাই। ঘটনাটোৰ পিছত আৰক্ষীয়ে ঘটনাস্থলীৰ কাষৰ সকলো পথ বন্ধ কৰি দিয়ে। ঘটনাস্থলীলৈ অধিক সংখ্যক বাহিনী প্ৰেৰণ কৰা হৈছে।
উল্লেখ্য যে পাকিস্তান চৰকাৰ আৰু তালিবানৰ মাজত নৱেম্বৰত যুদ্ধবিৰতি সমাপ্ত হৈছিল। তেতিয়াৰ পৰাই এই সন্ত্ৰাসবাদী সংগঠনটোৱে পাকিস্তানৰ বিভিন্ন প্ৰান্তত নিৰন্তৰ আক্ৰমণ চলাই আহিছে। ৩১ জানুৱাৰীত উগ্ৰপন্থী দলটোৱে পেছোৱাৰৰ এটা মছজিদত প্ৰাৰ্থনাৰ সময়ত আত্মঘাতী বোমা বিস্ফোৰণ ঘটাইছিল। ঘটনাটোত প্ৰায় ১০০ জন লোক নিহত হৈছিল।