• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ ৰক্তাক্ত পাকিস্তান! কৰাচীত আৰক্ষী প্ৰধানৰ কাৰ্যালয়ত তালিবানৰ আক্ৰমণ; সংঘৰ্ষত নিহত ৭ জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 18, 2023 10:34 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাত ৰক্তাক্ত হৈছে পাকিস্তান। এইবাৰ  সন্ত্ৰাসবাদীৰ লক্ষ্য আছিল কৰাচীৰ আৰক্ষী কাৰ্যালয়। বাতৰি অনুসৰি, শুকুৰবাৰে নিশা উগ্ৰপন্থীৰ এটা দলে কৰাচী আৰক্ষী প্ৰধানৰ কাৰ্যালয়ত আক্ৰমণ কৰে। কৰাচীৰ চৰিয়া ফাইজালত অৱস্থিত আৰক্ষী কাৰ্যালয়ত হোৱা আক্ৰমণত তিনিজন উগ্ৰপন্থী জড়িত আছিল। অৱশ্যে, আৰক্ষীয়েও আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়ে।

আৰক্ষীৰ গুলীবৰ্ষণত কেইবাজনো উগ্ৰপন্থী নিহত হয়। ঘটনাটোত কমেও ৭জন লোকে প্ৰাণ হেৰুৱাইছে। মৃতসকলৰ ভিতৰত পাঁচজন উগ্ৰপন্থী আৰু কমেও এজন আৰক্ষী আছে। এই ঘটনাত দহজন লোক আহত হৈছে। তেহৰিক-ই-তালিবান গোটে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে।

পাকিস্তানী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, শুকুৰবাৰে স্থানীয় সময় অনুসৰি সন্ধিয়া প্ৰায় ৭:১০ বজাত উগ্ৰপন্থীসকলে কৰাচীৰ শীৰ্ষ আৰক্ষী বিষয়াৰ কাৰ্যালয়ত প্ৰৱেশ কৰে আৰু নিৰ্বিচাৰে গুলীবৰ্ষণ আৰম্ভ কৰে। আৰক্ষীয়েও তাৰ প্ৰত্যুত্তৰ দিয়ে। প্ৰথমতে এই আক্ৰমণত ৮ ৰ পৰা ১০ জন উগ্ৰপন্থী জড়িত আছিল বুলি ধাৰণা কৰা হৈছিল যদিও আনুষ্ঠানিকভাৱে খবৰ পোৱা গৈছে যে পাঁচজন উগ্ৰপন্থীয়ে এই আক্ৰমণ চলাইছিল। সেই আটাইকেইজন নিহত হৈছে।

Apply Now

কৰাচী আৰক্ষীৰ মুৰব্বী জাভেদ ওধোৱে ঘটনাটোৰ বিষয়ে টুইট কৰি জনাইছে। জানিব পৰা গৈছে যে সন্ত্ৰাসবাদীসকলে প্ৰথমে এটা হেণ্ড গ্ৰেনেড নিক্ষেপ কৰিছিল। তাৰ পিছত তেওঁলোকে চাৰিমহলীয়া আৰক্ষী কাৰ্যালয়ত প্ৰৱেশ কৰে আৰু গুলীবৰ্ষণ আৰম্ভ কৰে। পিছত উগ্ৰপন্থী আৰু অৰ্ধসামৰিক ৰেঞ্জাৰ আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ আৰম্ভ হয়।

বাতৰি অনুসৰি, আক্ৰমণৰ সময়ত কেইবাজনো আৰক্ষী বিষয়া উপস্থিত আছিল। অৱশ্যে, ঘটনাটোত কোনো শীৰ্ষ বিষয়া আঘাতপ্ৰাপ্ত বা নিহত হোৱাৰ কোনো খবৰ পোৱা হোৱা নাই। ঘটনাটোৰ পিছত আৰক্ষীয়ে ঘটনাস্থলীৰ কাষৰ সকলো পথ বন্ধ কৰি দিয়ে। ঘটনাস্থলীলৈ অধিক সংখ্যক বাহিনী প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে  পাকিস্তান চৰকাৰ আৰু তালিবানৰ মাজত নৱেম্বৰত যুদ্ধবিৰতি সমাপ্ত হৈছিল। তেতিয়াৰ পৰাই এই সন্ত্ৰাসবাদী সংগঠনটোৱে পাকিস্তানৰ বিভিন্ন প্ৰান্তত নিৰন্তৰ আক্ৰমণ চলাই আহিছে। ৩১ জানুৱাৰীত উগ্ৰপন্থী দলটোৱে পেছোৱাৰৰ এটা মছজিদত প্ৰাৰ্থনাৰ সময়ত আত্মঘাতী বোমা বিস্ফোৰণ ঘটাইছিল। ঘটনাটোত প্ৰায় ১০০ জন লোক নিহত হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd