সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনটোতে ১৭ গৰাকী সাংসদ ক’ৰ’না প’জিটিভ

ক’ৰ’না ভাইৰাছৰ আতংকৰ মাজতে আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিৱেশন।

সোমবাৰৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বাধ্যতামূলক ক’ৰ’না পৰীক্ষাত সোতৰ গৰাকী সাংসদ ক’ৰ’না প’জিটিভ হৈছে।

ক’ৰ’না প’জিটিভ হোৱা সাংসদ সকলৰ ভিতৰত মিনাক্ষী লেগী, অনন্তকুমাৰ হেদগে আৰু পাৰভিষ সিং অন্যতম।

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে ১৩ আৰু ১৪ ছেপ্তেম্বৰত কৰা ক’ৰ’না পৰীক্ষাত সাংসদ কেইগৰাকী ক’ৰ’না প’জিটিভ হয় বুলি এ এন আইত প্ৰকাশ পায়।

আনহাতে, সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনটোত সাংসদ সকলে প্ৰয়াত ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী, ভাৰতীয় সাস্ত্ৰীয় সংগীতজ্ঞ পণ্ডিত জচৰাজ, চত্তিশগড়ৰ প্ৰাক্তন মুখ্য মন্ত্ৰী অজিত যোগীৰ স্মৃতি তৰ্পন কৰে।

সাংসদ সকলে ইয়াৰোপৰি মধ্যপ্ৰদেশৰ ৰাজ্যপাল লালজি টেণ্ডন, উত্তৰপ্ৰদেশৰ মন্ত্ৰী কমল ৰাণী আৰু চেতন চৌহান আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰঘুবংশ প্ৰাসাদ সিঙৰ মৃত্যুতো গভীৰ শোক ব্যক্ত কৰে।

উল্লেখযোগ্য যে, ক’ৰ’না মহামাৰীৰ আতংকৰ মাজতে আজিৰে পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকলীন অধিৱেশনৰ সময়ত সাংসদ সকলে সামাজিক দূৰত্ব মানি চলি মুখত মাস্ক পৰিধান কৰি সদনত উপস্থিত থাকে।