• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পয়সত্তৰ বছৰ

কিশোৰ কুমাৰ কলিতা by কিশোৰ কুমাৰ কলিতা
April 13, 2023 9:15 pm
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পয়সত্তৰ বছৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৪৭ চনৰ ছেপ্টেম্বৰ মাহটো অসমৰ ইতিহাসৰ বাবে দুটা দিশৰ পৰা অতিকৈ তাৎপৰ্যপূৰ্ণ ১ ছেপ্টেম্বৰ তাৰিখে তদানান্তীন অসম ব্যৱস্থা পৰিষদত (Assam Legislative Assembly) গুৱাহাটী বিশ্ববিদ্যালয় বিধেয়ক উপস্থাপন কৰা হৈছিল। ৯ ছেপ্টেম্বৰত অসম প্রদেশৰ বাবে এখন উচ্চ ন্যায়ালয় প্রতিষ্ঠাৰ বাবে অসম ব্যৱস্থা পৰিষদত এক প্রস্তাৱ গ্ৰহণ কৰা হয়৷ ইয়াৰ পূৰ্বে ৮ ছেপ্টেম্বৰৰ দিনাখন ব্যৱস্থা পৰিষদৰ সভাত গুৱাহাটী বিশ্ববিদ্যালয় বিধেয়কখনৰ বিষয়ে খৰচী মাৰি বিবেচনা কৰিবলৈ এখন ছিলেক্ট কমিটিৰ আগত বিলখন উত্থাপন কৰা হৈছিল। ইয়াৰ পাছদিনাখনে অৰ্থাৎ ৯ ছেপ্টেম্বৰ তাৰিখে অসমৰ কাৰণে উচ্চ ন্যায়ালয় বা হাইক‘ৰ্ট স্থাপন কৰা সম্বন্ধে প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈয়ে উখাপন কৰা প্ৰস্তাৱটো গুৱাহাটী অসম ব্যৱস্থা পৰিষদত সৰ্বসন্মতি ক্ৰমে গৃহীত হৈছিল। ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনৰ ২২৯ নং অনুচ্ছেদৰ ১ নং উপ–অনুচ্ছেদ অনুযায়ী পোৱা ক্ষমতাৰ ভিত্তিত, যাক ভাৰত প্ৰাদেশিক সংবিধান (সংশোধনী) আদেশ, ১৯৪৮ টো সামৰি লোৱা হৈছিল, ভাৰতবৰ্ষৰ গৱৰ্ণৰ জেনেৰেল ১৯৪৮ চনৰ ১ মাৰ্চত অসম হাইকৰ্ট অৰ্ডাৰ, ১৯৪৮ প্ৰৱৰ্তন কৰিছিল। এই আদেশ অনুযায়ী ১৯৪৮ চনৰ ৫ এপ্ৰিলৰ পৰা অসমত হাইকৰ্ট স্থাপনৰ দিহা কৰা হৈছিল।

১৯৪৮ চনৰ ৫ এপ্ৰিল তাৰিখে গুৱাহাটীৰ পুৰণি কমিছনাৰ বঙলাত অসম হাইক‘’ৰ্ট উদ্বোধন কৰা হৈছিল। তদানীন্তত অসমীয়া দৈনিক বাতৰি কাকত ‘ দৈনিক অসমীয়া ‘ৰ ৬ এপ্ৰিল তাৰিখে সমগ্র প্রথম পৃষ্ঠাটো সামৰি প্রকাশ কৰা বাতৰিটোৰ মূল শিৰোনাম আছিল ‘ অসমত হাইকৰ্ট স্থাপন ঠ ফেডাৰেল কৰ্টৰ চীফ জাষ্টিচৰ দ্বাৰা উদ্বোধন’। উক্ত পৃষ্ঠাত প্রকাশ পোৱা ‘ প্রথম চীফ জাষ্টিচ হিচাপে ছাৰ আৰ এফ লজৰ শপত গ্ৰহণ ’ শীৰ্ষক বাতৰিটো আছিল এনেধৰণৰ -“ গুৱাহাটী ৫ এপ্ৰিল – আজি দুপৰীয়া ১ বজাত গুৱাহাটী পুৰণি কমিছনাৰ বঙলাত অসম হাইকৰ্ট উদ্বোধন কৰা হয়। ফেডাৰেল কৰ্টৰ প্রথম ভাৰতীয় চীফ জাষ্টিচ ছাৰ হৰিলাল কানায়াই উদ্বোধন কাৰ্য্য সমাধা কৰে। ইয়াৰ আগতে হাইকৰ্ট প্ৰাঙ্গণত ‘জন গণ মন’ সঙ্গীত গোৱাৰ পিচত জাতীয় পতাকা উত্তোলন কৰা হয়। ছাৰ হৰিলাল কানায়াই হাইকৰ্টৰ উদ্বোধনী বক্তৃতা দিয়াৰ পিচত অসম গৱৰ্ণৰ ছাৰ আকবৰ হায়দৰীৰ পৌৰহিত্যত অসম হাইকৰ্টৰ প্রথম চীফ জাষ্টিচ হিচাপে ছাৰ আৰ এফ লজে শপত গ্ৰহণ কৰে। অসম গৱৰ্ণৰ, অসমৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ এডভোকেট জেনেৰেল মৌঃ ফকৰুদ্দিন আলি আহমদে উদ্বোধনী সভাত একোটিকৈ বজ্তৃতা দিয়ে। চীফ জান্টিচ ছাৰ লজৰ বক্তৃতাৰ পিচত ‘অ মোৰ আপোনাৰ দেশ ’ সঙ্গীতেৰে হাইকৰ্টৰ উদ্বোধনী উৎসৱৰ সামৰণি পৰে। অসমৰ বিভিন্ন মন্ত্ৰী, পাৰ্লামেণ্টৰী ছেক্ৰেটাৰী, চৰকাৰী বিষয়া, এডভ’কেট, উকীল আৰু অন্যান্য নেতৃস্থানীয় লোকসকল উদ্বোধনী সভাত উপস্থিত আছিল। ইয়াৰ বাহিৰেও বঙলাৰ ভিতৰে–বাহিৰে ৰাইজৰ ভিৰ হৈছিল।”

অসম হাইক‘ৰ্ট পোনতে তদানীন্তত অসমৰ ৰাজধানী শ্বিলঙত বহিছিল যদিও পৰৱৰ্তী সময়ত ১৯৪৮ চনৰ ১৪ আগষ্টত ইয়াক গুৱাহাটীলৈ উঠাই অনা হয়। ১৯৬৩ চনৰ ১ ডিচেম্বৰত নাগালেণ্ড ৰাজ্য গঠন হোৱাৰ পাছত অসম হাইকৰ্টৰ নাম সলনি হয় আৰু ইয়াৰ নতুন নাম হয় ‘ হাইকৰ্ট অব আসাম এণ্ড নাগালেণ্ড ’৷ ১৯৭১ চনৰ ৰাজ্য পুনৰ গঠন আইনৰ ভিত্তিত উত্তৰ–পূৰ্বাঞ্চল পুনৰ গঠিত হোৱাত উত্তৰ–পূবৰ পাঁচখন ৰাজ্য ক্ৰমে অসম, নাগালেণ্ড, মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰা তথা দুখন কেন্দ্ৰীয় শাসিত অঞ্চল ক্ৰমে মিজোৰাম আৰু অৰুণাচল প্রদেশৰ বাবে এখন সমূহীয়া উচ্চ ন্যায়ালয়ৰ প্রয়োজন হৈ পৰিল আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আত্মপ্ৰকাশ ঘটিল তেতিয়াৰেপৰা ৷ ১৯৮৬ চনত মিজোৰাম ৰাজ্য আইন (Act 34 of 1986) আৰু অৰুণাচল প্রদেশ ৰাজ্য আইন (Act 69 of 1986) প্রণয়ণৰ পাছত মিজোৰাম আৰু অৰুণাচলে ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত ৰাজ্যৰ মৰ্যাদা লাভ কৰে। সেই অনুসাৰে অসম,নাগালেণ্ড, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা আৰু মিজোৰামৰ বাবে এখন উচ্চ ন্যায়ালয়ৰ আত্মপ্ৰকাশ ঘটিল। একেদৰে ১৯৮৬ চনৰ অৰুণাচল ৰাজ্য আইনৰ প্রণয়ণৰ পাছত ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীৰ পাছত অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম আৰু অৰুণাচল প্রদেশৰ বাবে এখন সমূহীয়া উচ্চ ন্যায়ালয় গঢ় লৈ উঠিল। সম্প্ৰতি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰধান আসন(Principal Seat)খন গুৱাহাটীত অৱস্থিত আৰু ইয়াৰ তিনিখন আসন (benches) ক্ৰমে নাগালেণ্ডৰ বাবে কহিমা (১৯৭২ চনৰ ১ ডিচেম্বৰত স্থাপিত) মিজোৰামৰ বাবে আইজল (১৯৯০ চনৰ ৫ জুলাইত স্থাপিত) আৰু অৰুণাচল প্রদেশৰ বাবে ইটানগৰ (২০০০ চনৰ ১২ আগষ্ট স্থাপিত) ত স্থাপন কৰা হৈছে। ২০১৩ চনৰ ২৩ মাৰ্চলৈ উত্তৰ–পূৰ্বৰ সাতোখন ৰাজ্যৰ সমূহীয়া উচ্চ ন্যায়ালয় হৈ থকা (পাছলৈ মেঘালয়, মণিপুৰ আৰু ত্ৰিপুৰাত সুকীয়া উচ্চ ন্যায়ালয় স্থাপন হৈছে) গুৱাহাটী উচ্চ ন্যায়ালয় সমগ্ৰ দেশৰ ভিতৰত এখন একক অনন্য ন্যায়ালয় হৈ পৰিছে। উত্তৰ–পূৰ্বাঞ্চলৰ বিভিন্ন জাতি–জনগোষ্ঠীৰ সুকীয়া ৰীতি–নীতি, পৰম্পৰাগত আইন আদিৰ মাজত বিগত ৭৫ বছৰ ধৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে যেনেদৰে নিজৰ ক্ষেত্ৰ ধিকাৰ বজাই ৰাখিছে তেনে উদাহৰণ ভাৰতবৰ্ষৰ অন্য প্রান্তত বিৰল বুলি ক’ব পাৰি।

শেহত, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্রথম গৰাকী ন্যায়াধীশ ছাৰ আৰ এফ লজে ন্যায়ালয়ৰ প্ৰতিষ্ঠাৰ দিনাখন নিজৰ ভাষণত কোৱা এযাৰ কথা ইয়াত উল্লেখ কৰিবলৈ বিচাৰিছো তেখেতে নিজৰ ভাষণত কৈছিল – “ মই এই বিষয়ত একমত যে আদালতৰ স্বাধীনতাৰ ওপৰত হস্তক্ষেপ হ’লে তাৰ ফল বৰ বিপজ্জনক হৈ উঠে। আদালতবিলাকে যদি নিজৰ স্বাধীনতা হেৰুৱাব লগীয়া হয় তেন্তে এইবোৰ আৰু ‘ন্যায় বিচাৰৰ অস্ত্ৰ হৈ নেথাকিব; বৰং উৎপীড়ন হন্ত হৈহে উঠিব ’ (উৎস? দৈনিক অসমীয়া, ৬ এপ্ৰিল, ১৯৪৮, প্রথম পৃষ্ঠা)। আজিৰপৰা পয়সত্তৰ বছৰ আগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্রতিষ্ঠাপক মুখ্য ন্যায়াধীশ গৰাকীৰ এই কথাষাৰ সাম্প্ৰতিক সময়ৰ বাবে অধিক প্ৰাসংগিক বুলি আমি বিবেচনা কৰো। আমি আশা ৰাখিছে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে সমাগত সময়ত হাজাৰ প্ৰত্যাহ্বান অতিক্ৰম কৰি নিজৰ স্বতন্ত্রতা অটুট ৰাখিবলৈ সক্ষম হ’ব।

লেখকৰ ইমেইল  – [email protected]

কিশোৰ কুমাৰ কলিতা

কিশোৰ কুমাৰ কলিতা

গুৱাহাটীস্থিত এজন নিয়মীয়া লেখক

Stay Connected

  • 117k Fans

Recent News

আই পি এলৰ পৰাও অৱসৰ ল’লে অশ্বিনে; আজি বিশেষ দিনটোতেই ‘সামৰণি’ৰ ঘোষণা

আই পি এলৰ পৰাও অৱসৰ ল’লে অশ্বিনে; আজি বিশেষ দিনটোতেই ‘সামৰণি’ৰ ঘোষণা

August 27, 2025 2:16 pm
আমেৰিকাৰ শুল্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডী আৰু ফিজিৰ প্ৰধানমন্ত্ৰীৰ মাজত আলোচনা

আমেৰিকাৰ শুল্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডী আৰু ফিজিৰ প্ৰধানমন্ত্ৰীৰ মাজত আলোচনা

August 27, 2025 2:02 pm
গাজাত সাংবাদিকক হত্যাৰ ঘটনাক তীব্ৰ গৰিহণা ভাৰতৰ

গাজাত সাংবাদিকক হত্যাৰ ঘটনাক তীব্ৰ গৰিহণা ভাৰতৰ

August 27, 2025 1:56 pm
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা: ধুবুৰীত দুৰ্গা পূজালৈকে অব্যাহত থকিব শ্বুট-এট-চাইট অৰ্ডাৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা: ধুবুৰীত দুৰ্গা পূজালৈকে অব্যাহত থকিব শ্বুট-এট-চাইট অৰ্ডাৰ

August 27, 2025 12:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই পি এলৰ পৰাও অৱসৰ ল’লে অশ্বিনে; আজি বিশেষ দিনটোতেই ‘সামৰণি’ৰ ঘোষণা

আই পি এলৰ পৰাও অৱসৰ ল’লে অশ্বিনে; আজি বিশেষ দিনটোতেই ‘সামৰণি’ৰ ঘোষণা

August 27, 2025 2:16 pm
আমেৰিকাৰ শুল্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডী আৰু ফিজিৰ প্ৰধানমন্ত্ৰীৰ মাজত আলোচনা

আমেৰিকাৰ শুল্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডী আৰু ফিজিৰ প্ৰধানমন্ত্ৰীৰ মাজত আলোচনা

August 27, 2025 2:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd