আবকাৰী কনিষ্টবল পদৰ শাৰীৰিক পৰীক্ষাৰ সময়ত কেইবাজনো চাকৰিপ্ৰাৰ্থীৰ মৃত্যু, তদন্ত আৰক্ষীৰ

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

ঝাৰখণ্ডত আবকাৰী বিভাগৰ কনিষ্টবল পদৰ বাবে শাৰীৰিক সক্ষমতাৰ পৰীক্ষা চলিছিল কেইবাটাও কেন্দ্ৰত। কিন্তু সেই পৰীক্ষাৰ সময়তে কেইবাজনো চাকৰিৰ প্ৰত্যাশীৰ এজনৰ পিছত এজনকৈ কেইবাজনৰো মৃত্যুক লৈ এক চাঞ্চল্যৰ সৃষ্টি হৈছে। চাকৰি প্ৰত্যাশীৰ মৃত্যুৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

এই ঘটনা সন্দৰ্ভত শনিবাৰে ঝাৰখণ্ড আৰক্ষীয়ে এক বিবৃতি প্ৰকাশ কৰিছে। তাতেই কেইবাজনো চাকৰি প্ৰত্যাশীৰ মৃত্যু হোৱাৰ কথা কোৱা হৈছে। ৰাজ্যখনৰ ৭টা কেন্দ্ৰত শাৰীৰিক সক্ষমতা পৰীক্ষাৰ আয়োজন কৰা হৈছে। সেই কেন্দ্ৰসমূহ হ’ল — ৰাঁচী, গিৰিডি, হাজৰিবাগ, পালামু, পূব সিংভূম আৰু চাহেবগঞ্জ।

বিবৃতিটোত দাবী কৰা হৈছে যে পৰীক্ষাৰ সময়ত দুৰ্ভাগ্যজনকভাৱে একাংশ কেন্দ্ৰত চাকৰি প্ৰত্য়াশীৰ মৃত্যু ঘটিছে। গোচৰ ৰুজু কৰা হৈছে। মৃত্যুৰ কাৰণৰ তদন্ত অব্যাহত আছে।

লগতে পঢ়কঃ ছাৰ্কাছ, ষ্টান্টৰ পৰিণতি! এইবাৰ আৱাহন থিয়েটাৰত অঘটন, ফটকাৰ বিস্ফোৰণত আহত দুই দৰ্শক

কেন্দ্ৰসমূহত সকলো ব্যৱস্থা কৰা হৈছিল বুলিও দাবী কৰে ৰাজ্যিক আৰক্ষীয়ে। যেনে চিকিৎসা দল, প্ৰয়োজনীয় ঔষধ, এম্বুলেন্স আদি। কিন্তু তাৰ পাছতো এই ঘটনা কেনেকৈ সংঘটিত হ’ল, কিবা গাফিলতি হৈছিল নে নাই, সেই লৈ প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে।

ৰাজ্যিক বিজেপিৰ সভাপতি বাবুলাল মাৰাণ্ডীয়ে অভিযোগ কৰে যে চৰকাৰৰ গাফিলতিৰ বাবেই চাকৰি প্ৰত্যাশীসকলৰ মৃত্যু হৈছে। তেওঁ ঘটনা সন্দৰ্ভত ন্যায়িক তদন্তৰ দাবী জনায়। মাৰাণ্ডীয়ে দাবী কৰিে যে ১০ জন চাকৰি প্ৰত্যাশীৰ মৃত্যু হৈছে। তেওঁলোকৰ পৰিয়ালক চাকৰি আৰু ক্ষতিপূৰণ দিব লাগে।

লগতে পঢ়কঃ জনতাৰ দৰবাৰত গিৰিৰাজক যুৱকৰ ঘোচা! ‘বিৰোধী ষড়যন্ত্ৰ’ দেখিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে

মাৰাণ্ডীয়ে অভিযোগ উত্থাপন কৰে যে চাকৰি প্ৰত্যাশীসকলক গোটেই ৰাতি শাৰী পাতি থিয় কৰাই ৰখাৰ পিছত ৰাতিপুৱা প্ৰখৰ ৰ’দত দৌৰোৱা হৈছে। কেৱল সেয়াই নহয়, পৰীক্ষা কেন্দ্ৰসমূহতো পৰ্যাপ্ত ব্যৱস্থা নাছিল। অৱশ্যে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ সকলো অভিযোগ খণ্ডন কৰিছে আৰক্ষীয়ে।