‘চানশ্ৰী’ৰ সম্পাদক জোহৰ ব্ৰহ্মৰ মৃত্যুত বিটিএডিৰ বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ

Jahar-Brahma-

ফাইল ফটো

বড়ো ভাষাত প্ৰকাশিত দৈনিক বাতৰি কাকত ‘চানশ্ৰী’ৰ সম্পাদক তথা অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকৰ্মী, ব্ৰহ্ম ধৰ্মসাধক জোহৰ ব্ৰহ্মই যোৱা দেওবাৰে নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰা ঘটনাই সমগ্ৰ বিটিএডিতে শোকৰ ছাঁ পেলাইছে।

সম্পাদক ব্ৰহ্মৰ আকস্মিক মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে গোসাঁইগাঁওবাসীক শোকস্তব্ধ কৰি তুলিছে। তাৰোপৰি ব্ৰহ্মৰ মৃত্যুৰ  বাতৰিটো অঞ্চলটোৰ কোনেও সহজভাৱে ল’ব পৰা নাই। এজন অসাধাৰণ ব্যক্তিক হেৰুৱাই সকলো শোকস্তব্ধ।

উল্লেখ্য যে জোহৰ ব্ৰহ্মই ১৯৫৩ চনত গোসাঁইগাঁও মহকুমাৰ কমলসিং (কাজিগাঁও) নামৰ গাঁৱত জন্মগ্ৰহণ কৰে। কমলসিং এম ভি স্কুলত প্ৰাথমিক শিক্ষা সমাপ্ত কৰি ধুবুৰী চৰকাৰী হাইস্কুলৰ পৰা মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়।

কোকৰাঝাৰ মহাবিদ্যালয়ৰ পৰা পি ইউ পাছ কৰা ব্ৰহ্মই গোসাঁইগাঁও মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি ১৯৭৫ চনত পাঠাকাটা হাইস্কুলত শিক্ষক হিচাপে কৰ্ম জীৱনৰ পাতনি মেলে। পৰৱৰ্তী সময়ত ১৯৮৪ চনত ব্ৰহ্মই গোসাঁইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোগদান কৰি একেৰাহে ২৯ বছৰ শিক্ষকতা কৰি ২০১৩ চনৰ ৩১ মাৰ্চত অৱসৰ গ্ৰহণ কৰে।

উল্লেখ্য যে শিক্ষকৰ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছতে বিভিন্ন সামাজিক কাৰ্যৰ লগত জড়িত হৈ পৰাৰ উপৰি গুৰুদেৱ কালিচৰণ ব্ৰহ্ম প্ৰৱৰ্তিত ব্ৰহ্ম ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ ব্ৰহ্ম ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত ওত:প্ৰোত ভাৱে জড়িত হৈ পৰে।

মন কৰিবলগীয়া যে ধৰ্ম প্ৰচাৰৰ বাবে তেওঁ বড়ো ভাষাত ‘স্বাৰনিত্য ক্ৰিয়া’ আৰু ‘পাৰমাতি দৰ্খাং’ নামৰ দুখনকৈ ধৰ্মগ্ৰন্থ ছপা কৰি উলিয়াই। এই বিশিষ্ট ব্যক্তিগৰাকীৰ মৃত্যু বড়ো জাতিৰ বাবে এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে বিটিএডিৰ বহু সচেতন লোকে।

মৃত্যুৰ সময়ত ব্ৰহ্মই এজন পুত্ৰ, দুগৰাকী কন্যাৰ লগতে বহু আত্মীয়ৰ লগতে শুভাকাংশীক ইহ সংসাৰত এৰি থৈ যায়। অসাধৰণ ব্যক্তিত্বৰ অধিকাৰী জোহৰ ব্ৰহ্মৰ মৃত্যুত গোসাঁইগাঁৱৰ বিভিন্ন দল-সংগঠনৰ লগতে বিভিন্ন লোকে শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে।