NORTHEAST NOW (Assamese)

মহানগৰীৰ পাণ্ডুৰ বজাৰত বিধ্বংসী অগ্নিকাণ্ডত জাহ গ’ল বহু ব্যৱসায়িক প্ৰতিষ্ঠান

November 1, 2020 8:55 am · এন ই নাও নিউজ

গুৱাহাটী মহানগৰীৰ পাণ্ডুৰ বজাৰত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড।

নিশা প্ৰায় ১২ বজাত সংঘটিত এই অগ্নিকাণ্ডত বজাৰখনৰ ১৪ খন দোকান সম্পূৰ্ণ ৰূপে ভষ্মীভূত হয়।

একাংশ স্থানীয়  বাসিন্দাই প্ৰকাশ কৰা মতে দেওবৰীয়া বজাৰৰ বাবে বজাৰ খনত বহু ব্যৱসায়ীয়ে  মজুত কৰি ৰখা বয়-বস্তু এই অগ্নিকাণ্ডত ধ্বংস হয়।

অগ্নিকাণ্ডৰ খবৰ পোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলায় যদিও ইতিমধ্যে ১৪ খনকৈ দোকান পুৰি ছাৰখাৰ হয়।

জুইত জাহ যোৱা  পাইকাৰী  প্ৰতিষ্ঠান দেৱ পান ষ্টোৰৰ স্বত্বাধিকাৰ পিযুষ দেৱে প্ৰকাশ কৰা মতে দেওবৰীয়া বজাৰৰ বাবে তেওঁৰ দোকানতো বহু সামগ্ৰী ৰখা হৈছিল।

অগ্নিকাণ্ডটোৰ ফলত সেয়ে তেওঁৰ প্ৰায় ৩০ লাখ টকাৰ  ক্ষতি হোৱা বুলি ব্যৱসায়ী জনে মন্তব্য কৰে।

ইপিনে বজাৰ খনত কি কাৰণত জুইৰ সূত্ৰপাত ঘটিল তাৰ কাৰণ এতিয়ালৈকে স্পষ্টকৈ জানিব পৰা হোৱা নাই।

বহুতে সন্দেহ কৰা অনুসৰি বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিব পাৰে।

অৱশ্যে তদন্তৰ পিছতহে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা যাব। অগ্নিকাণ্ডৰ ফলত হোৱা মুঠ ক্ষতিৰ পৰিমাণ কোটি টকাৰ ওপৰত  হ’ব বুলি ধাৰণা কৰা হৈছে।

Related News