মাত্ৰ ২৫০ টকা পেন্সনেৰে কেনেকৈ চলিব সন্মানীয় বয়োজ্যেষ্ঠ নাগৰিকসকল? : চিন্তা ব্যক্ত বিভিন্ন মহলৰ

CM-Kushal Konwar 2

মুখ্যমন্ত্ৰী সোণোৱালে বৃদ্ধ পেন্সন আঁচনি মুকলি কৰাৰ মুহূৰ্ত। ফটো: নৰ্থইষ্ট নাও

যোৱা দুই অক্টোবৰৰ দিনা সৰসজাই আন্তৰ্জাতিক ষ্টেডিয়ামত জকজমকতাৰে  কোটি টকীয়া পেণ্ডেলৰ তলত ৰাজ্যৰ প্ৰায় ২০ লাখ বৃদ্ধ-বৃদ্ধাক ৰাজ্য চৰকাৰে মাহেকীয়া হিচাপত ২৫০ টকীয়া বৃদ্ধ পেন্সন প্ৰদান কৰিছিল। পিচে, দিনক দিনে  বয় বস্তুৰ মূল্য বৃদ্ধিৰ হাৰে উক্ত বৃদ্ধ-বৃদ্ধাসকলক কেনেদৰে সকাহ প্ৰদান কৰিব বা বৃদ্ধ-বৃদ্ধাসকল কেনেদৰ চলিব সেয়া বিচাৰ্য্যৰ বিষয় হৈ পৰিছে।

উল্লেখ্য যে, কণা হাঁহক পতান দিয়াৰে লেখীয়া আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচন তথা লোকসভা নিৰ্বাচনত জয়ী হ’বৰ বাবে এনেধৰণৰ ৰাজনৈতিক চমক সৃষ্টি কৰা বুলি কিছুসংখ্যক ৰাজনৈতিক, অৰাজনৈতিক দলৰ নেতাই দাবী কৰিছে।

যিহেতু পঞ্চায়ত তথা লোকসভা নিৰ্বাচন সমাগত, সেয়েহে কংগ্ৰেছৰ সুতা-কম্বলৰ লেখীয়াকৈ বৃদ্ধ পেন্সন প্ৰদানৰ নামত যেন এক সস্তীয়া ৰাজনীতি কৰাত ব্যস্ত হৈ পৰিছে শাসনাধীন বিজেপি চৰকাৰখন।

আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ২০০ টকা আৰু ৰাজ্য চৰকাৰে নিজাববীয়াকৈ কেৱল ৫০ টকাকৈহে প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে বুলিও কিছু দল সংগঠনৰ নেতৃবৃন্দই দাবী কৰে।

চৰকাৰৰ শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেন্সন আঁচনিক একমাত্ৰ প্ৰহসন তথা ৰাজনৈতিক চমক বুলি আখ্যা দিয়াৰ লগতে বৃদ্ধ পেন্সনৰ পৰিমাণ বৃদ্ধি কৰিবৰ বাবেও বহুতেই আহ্বান জনাইছে।

এই সন্দৰ্ভত বিৰোধী দলপতি দেবব্ৰত শইকীয়াই নৰ্থ ইষ্ট নাওৰ আগত মন্তব্য প্ৰকাশ কৰি কয়, ‘’২৫০ টকাই কেতিয়াও যথেষ্ট নহয়, এই ধনৰ পৰিমাণ কমেও যদি এহাজাৰ টকা কৰিলেহেঁতেন তেতিয়া কোনো কথা নাছিল।‘’

তেওঁ লগতে কয়, ‘’এইটো নিৰ্বাচনৰ আগে আগে এটা ৰাজনৈতিক চমক।‘’

অসম চৰকাৰৰ বৃদ্ধ পেন্সনৰ আঁচনিখন অতি নিম্ন মানদণ্ডৰ বুলি আখ্যা দি শইকীয়াই লগতে কয়, ‘’ৰাজস্থান, অৰুণাচল, দিল্লীকে ধৰি অন্যান্য ৰাজ্যসমূহত বৃদ্ধ পেন্সনৰ পৰিমাণ বেছি। অসমত কোনো একো বিশেষ পদক্ষেপ লোৱা নাই চৰকাৰখনে।‘’

ইয়াৰোপৰি প্ৰচাৰ মুখী বিজেপি চৰকাৰক এই পেন্সনৰ পৰিমাণ ১৫০০ টকালৈ বৃদ্ধি কৰাৰ বাবে নৰ্থ ইষ্ট নাওৰ জৰিয়তে দাবী তোলে বিৰোধী দলপতিগৰাকীয়ে।

আনহাতে, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সভাপতি ৰমেন চৌধুৰীয়ে নৰ্থ ইষ্ট নাওৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, ‘’মাহেকত ২৫০ টকাৰে কোনো লোক চলিব নোৱাৰে? এইটো নিৰ্বাচনৰ সময়ৰ ৰাজনৈতিক চমকৰ বাহিৰে অন্য একো নহয়।‘’

তদুপৰি সভাপতিগৰাকীয়ে ২৫০ টকাৰ সলনি ২৫০০ টকাকৈ মাহিলী হিচাপত বৃদ্ধ পেন্সন প্ৰদান কৰিবৰ আবেও চৰকাৰক দাবী জনায়।

এই সন্দৰ্ভত সৰব হৈ পৰা দেখিবলৈ পোৱা গৈছে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈক।

সভাপতিগৰাকীয়ে উক্ত বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, ‘’ৰাজ্যৰ বিজেপি চৰকাৰে ২০১৯ ৰ লোকসভা নিৰ্বাচনত জয়ী হ’বলৈ কণা হাঁহক পতান দিয়া নিচিনা হৈছে।‘’

তেওঁ লগতে সন্মানীয় বয়োজ্যেষ্ঠ লোকসকলক উপহাস কৰা হৈছে বুলিও নৰ্থ ইষ্ট নাওৰ আগত কয়।

আনহাতে, ‘গাঁৱলীয়া লোকসকলৰ বেংক একাউন্টত নুন্যতম ২০০০ টকা একাউন্টত থাকিব লাগিব, যদি ২০০০ টকা একাউন্টত নাথাকে, তেন্তে ২৫০ টকা জমা হ’লে ৫০ টকাকৈ বেংকে কৰ্তন কৰিব। ইফালে বেংকলৈ অহা-যোৱা কৰাৰ যাতায়তৰ খৰচ থাকিব,’‘-এই বুলি মত পোষণ কৰে ধৰ্মকান্ত গগৈয়ে।

তদুপৰি তেওঁ উক্ত ধনৰাশিৰ পৰিমাণ ৭৫০ টকাৰ পৰা ১০০০ টকালৈ বৃদ্ধি কৰাৰ বাবে দাবী জনায়।

আনহাতে, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে এই সন্দৰ্ভত নৰ্থ ইষ্ট নাওক জনাই যে ২৫০ টকাৰে বৰ্তমানৰ সময়ত চলিব পৰাটো কোনোপধ্যে সম্ভৱ নহয়।

তেওঁ লগতে চৰকাৰক দাবী জনাই কয় যে চৰকাৰে নুন্যতম ১ হাজাৰ টকা মাননী মাহেকীয়া হিচাপত দিব লাগে।

তেওঁ কয়, ‘বিজেপি চৰকাৰে বিগত সময়ছোৱাত নিৰ্বাচনৰ আগতে দিয়া প্ৰতিশ্ৰুতিসমূহ পালন কৰিব নোৱাৰিলে। সন্মুখত যিহেতু লোকসভা নিৰ্বাচন আহিছে, গতিকে নিৰ্বাচনলৈ লক্ষ্য ৰাখি পেন্সন দিছে। কিন্তু নিৰ্বাচনৰ চমক নহয়, এই ব্যৱস্থাটো চিৰ যুগমীয়া হ’ব লাগে।‘‘

আনহাতে, বিজেপিৰ মিত্ৰজোঁট অগপ দলৰ কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই চৰকাৰৰ এই পদক্ষেপক মৰ্য্যদাপূৰ্ণ আখ্যা দিয়াৰ লগতে প্ৰশংসনীয় পদক্ষেপ বুলি কয়। তেওঁ লগতে কয়, ‘’পৰ্য্যায়ক্ৰমে এই ধনৰ পৰিমাণ বৃদ্ধি কৰিবৰ বাবে আমি চৰকাৰক দাবী জনাম, যাতে, নুন্যতম ৫০০ টকাকৈ বৃদ্ধ-বৃদ্ধাসকলক প্ৰদান কৰা হয়।‘’

উল্লেখ্য, যে, বৰ্তমান পৰিস্থিতিত মাত্ৰ ২৫০ টকা ধনেৰে কেনেকৈ চলিব পাৰিব বয়োজ্যেষ্ঠ লোকসকল, নে ইয়াৰ পৰিমাণ বৃদ্ধি কৰিব ৰাজ্য চৰকাৰে? সেয়া অৱশ্যে লক্ষণীয় হ’ব।