বিজুলী ৰাহিৰ বাবে টীয়কত ‘সেৱা’ই দেখুৱাইছে আদৰ্শ

a Screens

বৰ্তমান ডিজিটেল যুগ। চৌপাশ যন্ত্ৰ চালিত। বিভিন্ন ক্ষেত্ৰত ব্যৱহৃত যন্ত্ৰবোৰ চলাবলৈ বহু পৰিমাণে বিজুলীৰ প্ৰয়োজন হৈছে।

সেয়ে এই বিজুলী যাতে অপব্যৱহাৰ নহয় বা উচিত ব্যৱহাৰ হয় তাৰ প্ৰতি লক্ষ্য ৰাখি টীয়কৰ অন্যতম সামাজিক সন্থা সেৱাই অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা পল্লবী গগৈৰ সহযোগত সমষ্টিটোৰ প্ৰতিঘৰৰ পৰিয়াললৈ এলইডি বাল্ব বিতৰণৰ ব্যৱস্থা কৰিছে।

উল্লেখযোগ্য যে বিশেষকৈ গ্ৰামাঞ্চলত এতিয়াও বহু পৰিয়ালে অৰ্থৰ অভাৱত অধিক বিজুলী খৰচ কৰা ফিলামেনযুক্ত বাল্ব ব্যৱহাৰ কৰে সেয়ে সেই পৰিয়ালসমূহেও যাতে সুলভ মূল্যত এলইডি বাল্বৰ স্বচ্ছ পোহৰ উপভোগ কৰিব পাৰে তাৰ উদ্দেশ্যেৰে সমাজৰ সকলো পৰ্য্যায়ৰ ব্যক্তিৰ বাবে এই বিশেষ পদক্ষেপ লোৱা হৈছে বুলি মন্তব্য কৰিছে উদ্যোক্তাসকলে।

অৱশ্যে এই ক্ষেত্ৰত সন্থাটোৱে ঘৰৰ বিজুলী বিল সহ ছয়টাকৈ ফিলামেনযুক্ত বাল্বৰ বিনিময়ত মাত্ৰ ৯০ টকাতে প্ৰায় ১৮০০ টকা বজাৰ মূল্যৰ ছয়টাকৈ এলইডি বাল্ব বিতৰণৰ ব্যৱস্থা কৰিছে।

সন্থাটোৰ এই পদক্ষেপত এতিয়া ৰাইজে আদৰণি জনাইছে।