Sex racket busted আৰক্ষীৰ অভিযানত দেহ ব্যৱসায় চলাই অহা এটা চক্ৰ উৎখাত কৰা হৈছে। মহাৰাষ্ট্ৰৰ থানে জিলাৰ মীৰা ৰোড অঞ্চলৰ এটা চৌহদত চলোৱা অভিযানত উৎখাত কৰা হয় এই চক্ৰটো।
আৰক্ষীয়ে শুকুৰবাৰে জানিবলৈ দিয়ে যে এই অভিযানত পাঁচগৰাকী মহিলাক উদ্ধাৰ কৰা হৈছে। এই চক্ৰৰ সৈতে জড়িত থকা এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা হৈছে।
মহাৰাষ্ট্ৰৰ মীৰা ভাইয়াণ্ডাৰ ভাসাই ভিৰাৰ (এমবিভিভি) আৰক্ষীৰ মানৱ সৰবৰাহ প্ৰতিৰোধী শাখাই এক সূত্ৰৰ পম খেদি বৃহস্পতিবাৰে সাইবাবা নগৰত থকা চৌহদটোত তালাচী চলায় আৰু এই দেহ ব্যৱসায় চক্ৰৰ এজেন্ট হিচাপে কাম কৰা এগৰাকী ২২ বছৰীয়া মহিলাক গ্ৰেপ্তাৰ কৰে।
Also Read: গোঁমৰফাঁক: ‘বেটী বাচাও, বেটী পঢ়াও’ অভিযানৰ নামত মোদী চৰকাৰৰ কেৱল বিজ্ঞাপনৰ বিলাস
এই অভিযানৰ সময়ত দুগৰাকী ক্ৰমে ১৫বছৰীয়া আৰু ১২ বছৰীয়া নাবালিকাকে ধৰি পাঁচগৰাকী মহিলাক উদ্ধাৰ কৰা হয়।
এই সন্দৰ্ভত পস্কোকে ধৰি ভাৰতীয় দণ্ডবিধিৰ অধীনৰ সংশ্লিষ্ট ধাৰাত এক অপৰাধৰ গোচৰ ৰুজু কৰা হৈছে।