DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

গোঁমৰফাঁক: ‘বেটী বাচাও, বেটী পঢ়াও’ অভিযানৰ নামত মোদী চৰকাৰৰ কেৱল বিজ্ঞাপনৰ বিলাস

অভিযানৰ বাবে আৱণ্টিত ৮০ শতাংশ ধন খৰচ কৰা হৈছে কেৱল বিজ্ঞাপনত

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 10, 2021 8:24 pm
130
VIEWS
Share on FacebookShare on Twitter

প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত সঘনে উচ্চাৰিত হৈ অহা এষাৰি বাক্যই হৈছে ‘বেটী বাচাও, বেটী পঢ়াও’।

ৰাজকোষৰ কোটি কোটি টকা খৰচ কৰি চৰকাৰে মহিলাসৱলীকৰণৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপক সকলোৱে আদৰণি জনাইছিল যদিও অভিযানটোৱে যে বাস্তৱ অৰ্থৎ বিশেষ কোনো মহিলাৰেই সৱলীকৰণত সহায় কৰা নাই সেয়া এতিয়া স্পষ্ট হৈ পৰিছে।

কাৰণ ‘বেটী বাচাও, বেটী পঢ়াও’ অভিযানৰ বাবে আৱণ্টিত বিশাল ধনৰাশিৰ ৮০ শতাংশ ধনেই খৰচ কৰা হৈছে কেৱল বিজ্ঞাপনৰ নামত।

অৰ্থাৎ মোদীৰ চৰকাৰকে বিজ্ঞাপনৰ চমকেৰেই দেশৰ মহিলাসকলৰ উন্নয়ন সাধিব বিচাৰিছে। এয়া কোনো সাধাৰণ লোকে কোৱা কথা নহয়। এই বিষয়টো পোহৰলৈ আহিছে খোদ সংসদীয় সমিতিৰ প্ৰতিবেদনৰ জৰিয়তেই।

শেহতীয়াকৈ মহিলা সৱলীকৰণ সম্পৰ্কীয় সংসদীয় সমিতিয়ে লোকসভাত দাখিল কৰা প্ৰতিবেদনত কোৱা হৈছে যে যে ‘বেটী বাচাও, বেটী পঢ়াও’ অভিযানৰ নামত আৱণ্টিত ধনৰ ৭৮.৯১ শতাংশ ধন খৰচ কৰা হৈছে কেৱল বিজ্ঞাপন প্ৰকাশৰ নামত।

এনে চমক সৃষ্টিকাৰী বিজ্ঞাপন প্ৰকাশ তথা সম্প্ৰচাৰ কৰা হৈছে দেশৰ টেলিভিছন চেনেল, বাতৰিকাকত আদিত। ইয়াৰ লগতে বেনাৰ, পোষ্টাৰ, হ’ৰ্ডিং, লিফলেট আদিৰ নামতো পানীৰ দৰে খৰচ কৰা হৈছে ধন।

সংসদীয় সমিতিয়ে ‘বেটী বাচাও, বেটী পঢ়াও’ অভিযানৰ নামত অহা ধনৰ ৮০ শতাংশই বিজ্ঞাপনৰ নামত খৰচ কৰাৰ বিষয়টোত সেয়ে আশ্চৰ্য প্ৰকাশ কৰাৰ লগতে এই বিষয়ত চৰকাৰক সতৰ্ক কৰি দিয়াও পৰিলক্ষিত হৈছে

সংসদীয় সমিতি খনৰ অধ্যক্ষা হীনা বিজয় কুমাৰ গাভিটে প্ৰতিবেদন খনত চৰকাৰক সতৰ্ক কৰি দি কৈছে যে এতিয়ালৈকে যি হ’ল হ’ল, ভৱিষ্যতে যাতে ‘বেটী বাচাও, বেটী পঢ়াও’ অভিযানৰ ধন কেৱল বিজ্ঞাপনত খৰচ নকৰি মহিলাৰ শিক্ষা-স্বাস্থ্য আদিৰ উন্নয়নতহে অধিক পৰিমাণে খৰচ কৰা হয়।

প্ৰণিধানযোগ্য কথাটো হ’ল ভাৰতত লিংগ বৈষম্য দূৰ কৰিবলৈ ২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰিছিল ‘বেটী বাচাও, বেটী পঢ়াও’ শীৰ্ষক অভিযান। কেন্দ্ৰীয় চৰকাৰে এই অভিযানৰ নামত বিশাল পৰিমাণৰ ধনো মঞ্জুৰ কৰিছিল। কিন্তু সেই ধনেৰে মহিলাৰ প্ৰকৃত উন্নয়ন সাধন কৰাৰ সলনি বিজ্ঞাপনৰ লেপনেৰে জনতাক প্ৰকৃত ছবি খন প্ৰত্যক্ষ কৰাৰ পৰা বিৰত কৰোৱা হ’ল।

উল্লেখ্য ২০১৬-১৯ বিত্তীয় বৰ্ষত এই অভিযানৰ বাবে কেন্দ্ৰই আৱণ্টন দিছিল ৪৪৬.৭২ কোটি টকা। কিন্তু ধনৰ ৭৮.৯১ শতাংশই প্ৰকৃত উন্নয়নৰ সলনি খৰচ কৰা হ’ল কেৱল বিজ্ঞাপনৰ নামত। এক কথাত কবলৈ গ’লে মদীৰ চৰকাৰে বিজ্ঞাপনৰ জৰিয়তেই মহিলাৰ সৱলীকৰণ সম্ভৱ কৰি তুলিলে!

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল নিৰ্বাচিত একোখন জিলাত বছৰি ‘বেটী বাচাও, বেটী পঢ়াও’ অভিযানৰ বিজ্ঞাপনৰ বাবদ ৫০ লাখ টকাহে খৰচ কৰিব পাৰি। কিন্তু চমক সৃষ্টিৰ প্ৰৱণতা ইমানেই বাঢ়ি গ’লে যে সেই ৫০ লাখ টকাৰ সীমা চেৰাই কোটি কোটি টকা বিজ্ঞাপনৰ নামত খৰচ কৰা হ’ল।

মোদীৰ চৰকাৰ ২০১৪-২০১৫ ৰ পৰা ২০১৯-২০ বষলৈ ‘বেটী বাচাও, বেটী পঢ়াও’ অভিযানৰ বাবে চৰকাৰে আৱণ্টন দিছিল ৮৪৮ কোটি টকা। কিন্তু সেই ধনৰো সদ্ব্যৱহাৰ হৈ নুঠিল।

আৱণ্টিত ধনৰ মাত্ৰ ১৫৬.৪৬ কোটি টকা (২৫.১৩ শতাংশ) হে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ শাসিত অঞ্চল সমূহে ব্যৱহাৰ কৰিব পাৰিছে। এই কথাৰ পৰাই প্ৰমাণ হয় যে ‘বেটী বাচাও, বেটী পঢ়াও’ অভিযানক চৰকাৰে কিমান সহৃদয়তাৰে গ্ৰহণ কৰিছে।

Recent News

লালুকত মুখ্যমন্ত্ৰীক তীব্র আক্রমণ ভূপেন কুমাৰ বৰাৰ, ধানুকাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কংগ্ৰেছে সহায় কৰিব চি আই ডিক

লালুকত মুখ্যমন্ত্ৰীক তীব্র আক্রমণ ভূপেন কুমাৰ বৰাৰ, ধানুকাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কংগ্ৰেছে সহায় কৰিব চি আই ডিক

বহিষ্কৃত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক ৰাজ্যত ৰুজু হোৱা গোচৰ দিল্লীলৈ  স্থানান্তৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বহিষ্কৃত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক ৰাজ্যত ৰুজু হোৱা গোচৰ দিল্লীলৈ স্থানান্তৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

IIT Guwahati

Assam Career : IIT Guwahati প্ৰশাসনিক সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd