NORTHEAST NOW (Assamese)

স্পাৰ পৰাই পৰিচালিত দেহ ব্যৱসায়ী চক্ৰ উৎখাত, ১১ মহিলা-যুৱতীক গ্ৰেপ্তাৰ

March 22, 2022 8:37 am · এন ই নাও নিউজ,গুৱাহাটী

দেহ ব্যৱসায়ী চক্ৰই এতিয়া বহু ঠাইত স্পা, বিউটি পাৰ্লাৰ আদিৰ নামত চলাই গৈছে অবৈধ কৰ্ম।

শেহতীয়াকৈ দিল্লী আৰক্ষীয়ে ৰাজধানী চহৰ খনৰ এটা স্পা কেন্দ্ৰত অভিযান চলাই এটা বৃহৎ দেহ ব্যৱসায়ী চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছে।

আৰক্ষীয়ে স্পা কেন্দ্ৰটোৰ এগৰাকী মহিলা কৰ্মচাৰীকে ধৰি ১১ গৰাকী মহিলা-যুৱতীক গ্ৰেপ্তাৰ কৰিছে।

দিল্লী আৰক্ষীৰ এজন বিষয়াই এই কথা প্ৰকাশ কৰিছে।

এক অভিযোগৰ ভিত্তিত দিল্লীৰ গ্ৰীণ পাৰ্ক এলেকাত থকা এটা স্পা আৰু মালিচ কেন্দ্ৰত আৰক্ষীয়ে অতৰ্কিতে অভিযান চলাইছিল।

গ্ৰীণ পাৰ্কৰ ৱেলনেছ স্পা চেণ্টাৰলৈ আৰক্ষীয়ে ছদ্মবেশত এজন গ্ৰাহক প্ৰেৰণ কৰি চক্ৰটোক জালত পেলাবলৈ সক্ষম হয়।

দিল্লী আৰক্ষীৰ উপ-আয়ুক্ত দীপক যাদৱে কয় যে স্পাৰ গৰাকী ৰাজেশ কুমাৰ গুপ্তাই গ্ৰাহকৰ পৰা মোটা অংকৰ ধন লৈ স্পাৰ ভিতৰত অবৈধ কৰ্ম চলাই আহিছিল।

Related News