টকা দিলেও ৰেহাই নাপায়, ভাবুকিয়েও বচাব নোৱাৰে ৰাজেন গোহাঁইক; গোচৰ পুনৰ চলোৱাৰ সিদ্ধান্ত নিৰ্য্যাতিতা আৰু স্বামীৰ

মহিলাগৰাকীৰ স্বামীক ৰাজেন গোহাঁইৰ মানুহে কাজিৰঙাত আবদ্ধ কৰি আঁতৰাই ৰাখিছিল সংবাদ মাধ্যম, আৰক্ষীৰ পৰা

Rajen-Gohian-570x320-1

কেন্দ্রীয় মন্ত্ৰী ৰাজেন গোঁহাই। ফাইল ফটো

যৌন কেলেংকাৰিত অভিযুক্ত কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ বিপদ এতিয়াও আঁতৰা নাই। মন্ত্ৰীজনৰ মানুহে কিছুদিন ছল আৰু বলেৰে মুখ বন্ধ ৰখাৰ পাছত গোচৰটো আগুৱাই নিবলৈ পুনৰ দৃঢ়তাৰে সংকল্প লৈছে মন্ত্ৰীজনৰ দ্বাৰা যৌন নিৰ্য্যাতিতা মহিলাগৰাকীৰ স্বামীয়ে।

আজি সংবাদ মাধ্যমৰ আগত নিৰ্য্যাতিতা মহিলাগৰাকীৰ স্বামীজনে অভিযোগ কৰে যে তেওঁক ভয়-ভাবুকি আৰু ধনবলেৰে মেনেজ কৰাৰ চেষ্টা কৰিছিল মন্ত্ৰী ৰাজেন গোহাঁইৰ মানুহে। তেওঁক এখন গাড়ীৰে নি কাজিৰঙাত ৰখা বুলিও দাবী কৰে নিৰ্য্যাতিতা মহিলাগৰাকীৰ গিৰীয়েকে।

এই সময়খিনিত তেওঁক সংবাদ মাধ্যম, আৰক্ষীৰ সৈতে যোগাযোগ ৰক্ষা কৰাত বাধা দিয়াৰ লগতে ম’বাইল ফোনো অফ কৰিবলৈ বাধ্য কৰিছিল। ৰাজেন গোহাঁইৰ দুজন ঘনিষ্ঠই তেওঁক এই সময়খিনিত আবদ্ধ কৰি ৰাখিছিল।

আনহাতে তেওঁক ৰাজেন গোহাঁইৰ মানুহে পইচা দিয়া বুলি স্বীকাৰ কৰে। “তেওঁৰ মানুহে পইচা দিয়াটো সত্য।” নিৰ্য্যাতিতা মহিলাগৰাকীৰ গিৰীয়েকে কয়।

“যোৱা ৭ তাৰিখে সদৰ থানাৰ অ’ চি ছাৰে মোক থানালৈ মাতে। মই তেতিয়া কওঁ যে এই গোচৰটো আমি আগুৱাই নিম।” এইদৰে কয়।

“তেতিয়া ছাৰে কয় যে তোমালোকক ক’ৰ্টলৈ মেজিষ্ট্ৰেটে মাতিব, তেতিয়া কেছটো খেলিম বুলি কৈ দিবা, আৰু তেতিয়া কেছটো পুনৰ চালু হৈ যাব।” নিৰ্য্যাতিতা মহিলাগৰাকীৰ গিৰীয়েকে কয়।

আপোনালোকৰ ভাবুকি আৰু পইচাৰ লোভত আমি নীৰৱ হৈ নাথাকো। মই যদি দোষী মই শাস্তি ল’ম। তেওঁলোক যদি দোষী তেওঁলোকে শাস্তি পাব।” –এইদৰে চূড়ান্ত স্থিতি প্ৰকাশ কৰে নিৰ্য্যাতিতা মহিলাগৰাকীৰ গিৰীয়েকে।

উল্লেখযোগ্য যে যৌন কেলেংকাৰিৰ বিষয়টোৱে পূৰাদমে চৰ্চা লাভ কৰি থকাৰ সময়ত মৌন হৈ থকা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইক পুনৰ যোৱা কেইদিনমান সৰৱ ভূমিকাত দেখা গৈছে।