NORTHEAST NOW (Assamese)

অপেক্ষাৰ অন্ত! দীৰ্ঘ সময়ৰ অন্তত একেলগে চলমান-শ্বাহৰুখৰ চিনেমা

February 25, 2021 12:21 pm · এন ই নাও নিউজ
Updated: February 25, 2021 12:49 pm

বলিউদৰ বাদশ্বাহ শ্বাহৰুখ খান আৰু টাইগাৰ চলমান খানক সুদীৰ্ঘ দিনৰ পাছত পুনৰ একেলগে অন স্ক্ৰীণত দেখা পোৱা যাব।

দুয়োজন অভিনেতা বৰ্তমান ‘পাঠান’ নামৰ এখন এক্সন থ্ৰিলাৰ চিনেমাৰ কামত ব্যস্ত আছে।

য়শৰাজ ফিল্মছে প্ৰযোজনা কৰা ‘পাঠান’ৰ পৰিচালক সিদ্ধাৰ্থ আনন্দ।

শ্বাহৰুখ-চলমানৰ উপৰিও দীপিকা পাডুকণ আৰু জন আব্ৰাহামকো মুখ্য ভুমিকাত দেখা পোৱা যাব।

চলমান খানে চিনেমাখনত ‘টাইগাৰ’ নামৰ এটা কেমিঅ’ চৰিত্ৰত অৱতীৰ্ণ হ’ব।

আনহাতে শ্বাহৰুখ আৰু দীপিকাই গুপ্তচৰৰ ভূমিকাত অভিনয় কৰিছে।

ইয়াৰ বিপৰীতে খলনায়কৰ ৰূপত আছে জন আব্ৰাহাম।

য়শৰাজ ফিল্মছে আশা কৰা মতে ‘পাঠান’ৰ মুক্তিলাভ হ’ব ২০২২ চনৰ আৰম্ভণিত।

আনহাতে, চলমান খানে ‘পাঠান’ৰ শ্বুটিং শেষ হ’লেই কেটৰিনা কাইফ আৰু ইমৰাণ হাছমিৰ মনীশ শৰ্মা পৰিচালিত ‘টাইগাৰ ৩’ত ব্যস্ত হৈ পৰিব।

Related News