Shahrukh Khan’s son Arrested:বিলাসী জাহাজত ড্ৰাগছ পাৰ্টী কৰি গ্ৰেপ্তাৰ শ্বাহৰুখ খানৰ পুত্ৰ

Shahrukh Khan’s son Aryan Khan Arrested: অৱশেষত নাৰক’টিক্স কন্ট্ৰ’ল ব্যুৰোই গ্ৰেপ্তাৰ কৰিলে ড্ৰাগছ কাণ্ডত জড়িত বলীউদৰ তাৰকা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানক। আৰিয়ানৰ লগতে গ্ৰেপ্তাৰ কৰা হৈছে তেওঁৰ বন্ধু ক্ৰমে মুনমুন ডামমেছা আৰু আৰবান মাৰ্চেণ্টক।

উল্লেখ্য মুম্বাইৰ পৰা গোৱা অভিমুখী বিলাসী ক্ৰুজত বিশেষ অভিযান চলাই ১০জনক আটক কৰিছিল নাৰক’টিক্স কন্ট্ৰ’ল ব্যুৰো (এনচিবি)য়ে।

বলীউদৰ তাৰকা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানক নাৰক’টিক্স কন্ট্ৰ’ল ব্যুৰোই জেৰা কৰিছিল আৰু জেৰাৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

শনিবাৰে নিশা বিলাসী ক্ৰুজত ড্ৰাগছ কাণ্ডৰ কথা পোহৰলৈ আহে। মুম্বাইৰ পৰা গোৱালৈ ৰাওনা হোৱা কৰ্ডেলিয়া নামৰ বিলাসবহুল ক্ৰুজত এনচিবিৰ বিষয়াসকলে যাত্ৰীৰ বেশত গৈছিল।

ক্ৰুজৰ ভিতৰত পাৰ্টী চলি থকাৰ আৰু তাত ড্ৰাগছ সেৱন কৰাৰ গোপন খবৰ লাভ কৰে এনচিবিৰ অভিযানকাৰী দলে।

পাৰ্টীত সকলোৱে ড্ৰাগছ সেৱন কৰে আৰু কোনো কোনোৱে নিচাত ডুব যায়। বহুতেই অচেতন হৈ পৰে। তাৰ পাছতেই এনচিবিৰ বিষয়াসকলে ইয়াৰে ১০জনক আটক কৰে।

এনচিবিৰ দলটোৱে বহু পৰিমাণৰ ড্ৰাগছ জব্দ কৰে। ক্ৰুজখনৰ পৰা তেওঁলোকে জব্দ কৰে কোকেইন, হাছিছ তথা এমডিএমএৰ দৰে ড্ৰাগছ।

এনচিবিয়ে আটক কৰা ১০জনক দেওবাৰেই মুম্বাইলৈ ঘূৰাই অনা হ’ব। আনহাতে, ক’ৰ পৰা এই ব্যাপক পৰিমাণৰ ড্ৰাগছ তেওঁলোকৰ কাষলৈ আহিল এনচিবিৰ বিষয়াসকলে তাৰ অনুসন্ধান অব্যাহত ৰাখিছে।