সুন্দৰৰ আঘাত: জিম্বাবোৱেৰ বিৰুদ্ধে শৃংখলাৰ বাবে ভাৰতীয় দলত শ্বাহবাজ আহমেদ

India vs Zimbabwe

বৃহস্পতিবাৰৰ পৰা জিম্বাবোৱেৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া এদিনীয়া শৃংখলাৰ পূৰ্বে আঘাতৰ সমস্যাই দেখা দিছে ভাৰতীয় শিবিৰত। আঘাতৰ বাবে ভাৰতীয় দলৰ পৰা বাহিৰ হৈছে স্পিন বলিং অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰ।

ইংলেণ্ডত কাউণ্টি প্ৰতিযোগিতাত অংশ লোৱাৰ সময়ত কান্ধতত আঘাত পাইছিল সুন্দৰে। এই আঘাতৰ বাবেই জিম্বাবোৱে ভ্ৰমণৰ পৰা বাহিৰ হৈছে সুন্দৰ।

সুন্দৰৰ স্থানত ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে আন এগৰাকী অলৰাউণ্ডাৰ শ্বাহবাজ আহমেদক। এইদৰে প্ৰথমবাৰৰ বাবে ভাৰতীয় দললৈ আমন্ত্ৰণ লাভ কৰিছে আহমেদে।

বিগত আই পি এল সংস্কৰণ তথা ভাৰতৰ ঘৰুৱা ৰঞ্জী ক্ৰিকেটত দাঙি ধৰা প্ৰদৰ্শনৰ সুবাদতে শ্বাহবাজ আহমেদে ভাৰতীয় দলত স্থান লাভৰ সুযোগ মুকলি হয় বুলি ক’ব পাৰি।

আই পি এলৰ ১৫ তম সংস্কৰণত শ্বাহবাজে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ হৈ ১৬ খন খেলত ২১৯ ৰাণ সংগ্ৰহ কৰাৰ লগতে চাৰিটা উইকেট দখল কৰিছিল।

আনহাতে ২০২১-২২ বৰ্ষৰ ৰঞ্জী ট্ৰফীত বেংগলৰ হৈ ৬০.২৫ গড়ে ৪৮২ ৰাণ সংগ্ৰহ কৰাৰ উপৰিও ২০.১২ গড়ে ২০ টা উইকেট লাভ কৰি বাওঁহতীয়া স্পিনাৰ গৰাকীয়ে।

বিচিচিআইয়ে আজি জাৰী কৰা এক বিবৃতিত কয় যে জিম্বাবোৱেৰ বিৰুদ্ধে তিনিখন এদিনীয়া শৃংখলাৰ বাবে ৱাশ্বিংটন সুন্দৰৰ স্থানত শ্বাহবাজ আহমেদক বিকল্প হিচাপে সৰ্বভাৰতীয় জ্যেষ্ঠ বাছনি সমিতিয়ে ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰিছে।

উল্লেখ্য যে আঘাতৰ বাবে দীৰ্ঘদিন ধৰি ভাৰতীয় দলৰ পৰা বাহিৰত আছিল সুন্দৰ। আঘাতৰ পৰা সুস্থ হৈ উঠাৰ পিছত অলৰাউণ্ডাৰ গৰাকীয়ে প্ৰথমবাৰৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছিল।

কিন্তু কাউণ্টি ৰয়েল লণ্ডন কাপ প্ৰতিযোগিতাৰ এখন খেলয সময়ত ফিল্ডিং কৰি থকা অৱস্থাত পুনৰ বাওঁ কান্ধত আঘাত পায় খেলুৱৈ গৰাকীয়ে।

বিচিচিআইৰ এগৰাকী জেষ্ঠ বিষয়াই জানিবলৈ দিয়া মতে আঘাতৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈ উঠাৰ বাবে সুন্দৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত অনুশীলন তথা পৰীক্ষণত থাকিব লাগিব।