ছেমিফাইনেল প্ৰৱেশত ব্যৰ্থ হ’লেও বাংলাদেশী চাকিবে গঢ়িলে এক অনবদ্য ৰেকৰ্ড

shakib-

বাংলাদেশী ক্ৰিকেটাৰ চাকিব আল হাছানৰ ফাইল ফটো

চলিত বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশৰ আশা নিৰ্বাপিত হ’লেও বাংলাদেশ দলৰ অল ৰাউণ্ডাৰ চাকিব আল হাছানে বিশ্বকাপ ক্ৰিকেটত এক অনবদ্য কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে।

দুৰ্দান্ত ফৰ্মত খেলি থকা চাকিবে ২ জুলাই অৰ্থাৎ যোৱা মঙলবাৰে বিশ্বকাপৰ ইতিহাসত এখন টুৰ্নামেণ্টত ৫০০ৰ অধিক ৰান আৰু ১০ৰ অধিক উইকেট দখল কৰে। লগে লগে এই ৰেকৰ্ডৰ অধিকাৰী হোৱা বিশ্বৰ প্ৰথম গৰাকী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় চাকিব।

ভাৰতৰ বিৰুদ্ধে খেলা মেচখনত ৬৬ ৰান সংগ্ৰহ কৰাৰ লগে লগে চলিত বিশ্বকাপৰ ৭টা ইনিংছত ৫৪২ ৰান সংগ্ৰহ কৰি সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটছমেনৰ তালিকাত দ্বিতীয় স্থানত থাকে। ৫৪৪ ৰান সংগ্ৰহেৰে তালিকাৰ শীৰ্ষত আছে ভাৰতৰ ৰোহিত শর্মা।

এই পৰ্যন্ত দুটা বিস্ফোৰক শতক আৰু চাৰিটা অৰ্ধ শতক অৰ্জন কৰা চাকিবে বলিঙতো দেখুৱাইছে চমক। প্ৰতিযোগিতাখনত বাওঁহতীয়া স্পীনাৰগৰাকীয়ে এই পৰ্যন্ত ১১টা উইকেট দখল কৰিছে।

উল্লেখ্য যে বিশ্বকাপৰ ইতিহাসত এখন টুৰ্নামেণ্টত সৰ্বাধিক ৰান আৰু উইকেট দখল কৰাৰ ৰেকৰ্ড ইয়াৰ পূৰ্বে আছিল নিউজিলেণ্ডৰ স্কট ষ্টাইৰিছৰ নামত। ২০০৭ বিশ্বকাপত ষ্টাইৰিছে ৪৯৯ ৰানৰ লগতে ৯টা উইকেট দখল কৰিছিল।