বিজেপিত যোগ দি নাগৰিকত্ব বিধেয়ক বিৰোধিতা কৰিব ছাত্ৰ নেতা প্ৰবীণ বৈশ্যই

Prabin Baishya Shall oppose citizenship bill on party platfom: Assam student leader on joining BJP

প্ৰবীণ বৈশ্য। ছবি- নৰ্থ ইষ্ট নাও।

অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি প্ৰবীণ বৈশ্যই অতি সোনকালে বিজেপিত যোগদান কৰিব। কিন্তু দলটোৰ মজিয়াৰ পৰাই তেওঁলোকৰ “ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি” নাগৰিকত্ব বিধেয়কৰ তেওঁ বিৰোধিতা কৰি যাব।

“ভাৰত প্ৰতিজন হিন্দুৰে স্ব-ভূমি” আদৰ্শত চলা গেৰুৱা দলটোৰ মজিয়াত এই স্থিতি লোৱাৰ প্ৰতিশ্ৰুতি মঙলবাৰে সংবাদমেলত বৈশ্যই সদৰী কৰে।

“আন্দোলন কৰিয়েই সকলো সমস্যা সমাধান নহয়। আমি অহিংস নীতিক বিশ্বাস কৰো। বিজেপিৰ মজিয়াত থাকি সজোৰে অসমৰ হৈ মাত মাতি যাব পাৰিম। বিজেপিৰ মজিয়াত থাকিয়েই বিধেয়কৰ বিৰোধিতাও নিশ্চয়কৈ কৰা হ’ব। অনুসূচিত জাতিৰ হৈ যিমান কাম কৰিব লাগে কৰিম। জাতিটোৰ বিৰুদ্ধে কিবা সিদ্ধান্ত ল’লে প্ৰতিবাদ কৰি যাম,” বিজেপিত যোগদানৰ কেৱল আনুষ্ঠানিকতাহে বাকী বুলি উল্লেখ কৰি বিধেয়কবিৰোধী আন্দোলনৰ নেতাজনৰ মন্তব্য।

বৈশ্যই কেৱল বিজেপিয়ে নহয়, ইয়াৰ আদৰ্শগত পথপ্ৰদৰ্শকৰূপে জনাজাত আৰ এচ এচটো যোগ দিয়াৰ কথা সদৰী কৰিছে।

“মই আৰ এচ এচ বা বিজেপি কৰিবলৈ ওলোৱা মোৰ সিদ্ধান্তটো কোনো দোষণীয় কথা হ’ব নোৱাৰে। কাৰণ এইখন গণতান্ত্ৰিক দেশ,” বহুলোকে বিজেপিগামী নেতাসকলক কৰা সমালোচনাৰ প্ৰতিৰোধত বৈশ্যৰ মন্তব্য।

তেওঁৰ সৈতে ছাত্ৰ সংগঠনটোৰ ৫০ শতাংশ সদস্যই বিজেপিত যোগদান কৰাৰ লগতে ১৪খন অনুসূচিত জাতি উন্নয়ন পৰিষদেও যোগদান কৰিব বুলি সদৰী কৰে ছাত্ৰ সংগঠনটোৰ নেতাজনে।

ইয়াৰোপৰি, এনএছয়ুআই, কংগ্ৰেছৰ পৰাও তেওঁৰ লগত বিজেপিত যোগদানৰ বাবে যাব বুলি তেওঁ সদৰী কৰে।

তেওঁৰ বিজেপি গমনৰ কাৰণ, “সংসদীয় নিৰ্বাচনত বৃহৎ সাফল্যৰ পাছতো অলপো অহংকাৰ নকৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, এসময়ৰ অসমৰ ছাত্ৰ সমাজৰ উজ্জ্বল ধ্ৰুৱতৰাস্বৰূপ ভক্তিপৰায়ণ, বিনম্ৰ অমায়িক তথা সবল নেতৃত্বৰ অধিকাৰী মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যুৱ প্ৰজন্মৰ আদৰ্শ নেতা তথা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ বিচক্ষণতাত আপ্লুত হৈ মই লগতে মোৰ বহু সমৰ্থক তথা বহুকেইখন উন্নয়ন পৰিষদসহ বিজেপিত যোগদানৰ বাবে বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত আলোচনাত মিলিত হৈছিলো।”